Breaking News

মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা।

 


ডিজিটেল সংবাদ,মেৰাপানী:
নগালেণ্ডৰ গাড়ীৰ খুন্দাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কলেজীয়া ছাত্ৰী। মেৰাপানীৰ ভেলৌগুৰি খেৰনিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কলেজৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা নাগালেণ্ডৰ NL07 CB 5536 নম্বৰৰ এখন ৱেগনাৰ বাহনে তীব্ৰ বেগত খুন্দা মৰাত থিতাতে ঢলি পৰে নিহা গগৈ নামৰ ছাত্ৰী গৰাকী। স্থানীয় ৰাইজৰ তৎপৰতাত নাগালেণ্ডৰ গাড়ী খন জব্দ কৰি ছাত্ৰী গৰাকীক মেৰাপানী চিকিৎসালয়লৈ অনা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্ততঃ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ছাত্ৰী গৰাকীক। ইফালে মেৰাপানীৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে নাগালেণ্ডৰ বাহন খন।


No comments