Breaking News

জৈৱিক আৰু প্ৰাকৃতিক কৃষি কাৰ্যৰ ওপৰত সজাগতা সভা


ডিজিটেল সংবাদ,সোণাৰি: 
ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ উত্তৰ পূব  জৈৱিক আৰু প্ৰাকৃতিক কৃষি কেন্দ্ৰ ইম্ফলৰ উদ্যোগত চৰাইদেউ জিলাৰ দুই নং ধুনীয়া পথাৰ গাঁৱত আজি জিলা খনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত এদিনীয়া এক কৃষক প্ৰশিক্ষণ আৰু প্ৰদৰ্শন মূলক সজাগতা সভা অনুষ্ঠিত হয়। বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক সোমেশ্বৰ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত অসমত জৈৱিক আৰু প্ৰাকৃতিক খেতি প্ৰসাৰ কৰি মাটি পানী আৰু পৰিবেশ শুদ্ধ কৰা, জৈৱিক খেতি কৰি কৃষকৰ আয় কি দৰে বৃদ্ধি কৰিব পাৰি, কৃষকৰ উৎপাদন বৃদ্ধি হবলৈ বিজ্ঞানসন্মত ভাৱে কিদৰে জৈৱিক আৰু প্ৰাকৃতিক খেতি কৰিব পাৰি আৰু ভাৰতীয় অংশগ্ৰহণ মূলক নিশ্চিত কৰণ প্ৰণালী ,অসম (ভাৰত) ৰ জৈৱিক কৃষি আৰু কৃষকৰ প্ৰমাণীকৰণ মাধ্যমৰ বিষয়ে সমল ব্যক্তি সকলে বক্তব্য আগবঢ়াই। জিলাখনৰ প্ৰায় পঞ্চাশ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰা সজাগতা সভা খনত ইম্ফলৰ পৰা অহা সহকাৰী বিজ্ঞানী ড° জয়ন্ত ৰমন, সহ কাৰিকৰী বিশেষজ্ঞ জয়ন্ত কৰ্মকাৰে জৈৱিক আৰু প্ৰাকৃতিক কৃষি কাৰ্যৰ ওপৰত, আঞ্চলিক পৰিষদৰ নিবাৰঞ্জন দাসে  ভাৰতীয় অংশগ্ৰহণ মূলক নিশ্চিতকৰণ প্ৰণালীৰ ওপৰত আৰু চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত মহকুমা কৃষি বিষয়া ৰবীন ইয়ানে প্ৰাকৃতিক কৃষি কাৰ্যৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই জৈৱিক খেতিয়ে বিশ্বজুৰি লাভ কৰা ব্যাপকতাৰ ওপৰত বক্তব্য আগবঢ়াই।

No comments