Breaking News

'সফলতাৰ সংগ্ৰামʼ গ্ৰন্থ উন্মোচন ।

 


দেৱজিৎ দত্ত, গুৱাহাটীঃ 
আজি গুৱাহাটীৰ ঘোঁৰা মৰাৰ ডেবানিক এছেম্বলিত অসম আন্দোলনৰ শ্বহীদ হৰেন্দ শৰ্মাৰ পুত্ৰ শশীন্দ শৰ্মাৰ জন্ম দিন উপলক্ষে 'সফলতাৰ সংগ্ৰামʼ নামৰ  গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বি বৰুৱা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জগদীশ গোস্বামী আৰু অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া মুকুল শইকীয়াই। আৰম্ভণিতে শ্বহীদ হৰেন্দ শৰ্মাৰ প্ৰতিচ্ছবিত মালা অৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে শচীন শৰ্মাৰ মাতৃ য়ে। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে পৰিৱেশ কৰ্মী তথা সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী। অপূৰ্ব বল্লভ গোস্বামীয়ে শশীন্দ শৰ্মাৰ পিতৃয়ে জাতিৰ বাবে দিয়া বলিদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে সতীৰ্থ শচীন্দ শৰ্মাৰ বিষয়ে কয়। অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত শচীন শৰ্মাৰ মাতৃও উপস্থিত থাকে। আৰম্ভণিতে মহানন্দ দাসে এটি বৰগীত পৰিৱেশন কৰি সভাখনৰ সৌষ্টভ বৃদ্ধি কৰে।

No comments