Breaking News

শিৱসাগৰৰ আমগুৰিত টিফুক মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

 


ডিজিটেল সংবাদ,শিৱসাগৰ:
 টিফুক নদীৰ পাৰত এতিয়া উখল-মাখল পৰিৱেশ নৱ বৰ্ষ মানেই যেন হৈছে আনন্দ আৰু আশাৰ বতৰা । ঠিক তাৰে মাজতে সেই উখল-মাখল পৰিৱেশ এতিয়া বিৰাজমান নগা পাহাৰৰ পৰা কুলু কুলু সুৰেৰে বৈ অহা টিফুক নদীৰ পাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে টিফুক মহোৎসৱ । শিৱসাগৰৰ আমগুৰি সমষ্টিৰ হাফলুটিং ন-পাম সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু সমূহ ন-পাম গাঁৱবাসীৰ সহযোগত উদযাপন কৰিবলৈ লোৱা সপ্তদশ সংখ্যক শিল্পী দিৱস আৰু প্ৰথম টিফুক মহোৎসৱ সমন্বয় বাকৰি ন-পামত অহা ১৭ আৰু ১৮ জানুৱাৰী ২০২৩ত অনুষ্ঠিত  হ'ব । দু-দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা টিফুক মহোৎসৱত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে ন-পাম সন্মিলিত যুৱ সমাজ আৰু গাঁওবাসী ৰাইজে ।


No comments