Breaking News

শিৱসাগৰৰ আমগুৰি নামতি দ'ল বাইলুং গাঁ‌ৱত এগৰাকী মানসিক বিকাৰগ্ৰস্ত বিধবা মহিলাই বাছি ললে আত্মহননৰ পথ


 ডিজিটেল সংবাদ,শিৱসাগৰ:
ঘটনাস্থলীত আৰক্ষী উপস্থিত, অঞ্চলজুৰি চেপা উত্তেজনা  শিৱসাগৰৰ আমগুৰি নামতি দ'ল বাইলুং গাঁ‌ৱৰ চেনিমাই বাইলুং নামৰ মানসিক বিকাৰগ্ৰস্ত মহিলা এগৰাকীয়ে নিজ গৃহত এখন চাদৰেৰে ডিঙিত বান্ধি আত্মহননৰ পথ বাচি লয় । অকলে বসবাস কৰি থকা মহিলা গৰাকীক আজি পুৱা স্থানীয় এগৰাকী মহিলাই প্ৰত্যক্ষ কৰি ৰাইজৰ সহযোগত হালোৱাটিং আৰক্ষীক খবৰ দিয়ে । আৰক্ষী আৰু দণ্ডাধীশ মিতালী লাহনৰ উপস্থিতিত  মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

No comments