Breaking News

ৰাম মন্দিৰ ভাঙি মছজিদ সজাৰ ভাবুকি আল - কায়দাৰ

 




ডিজিটেল ডেস্ক: ২০২৪ চনৰ ১ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ মুকলি কৰা হ'ব ..... কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ সময়তে সন্ত্রাসবাদী সংগঠন আল - কায়দাই অযোধ্যাৰ ৰাম মন্দিৰ ভাঙি মছজিদ সজাৰ ভাবুকি দিয়াৰ কথা প্রকাশ পাইছে । আন্তঃৰাষ্ট্ৰীয় এই জেহাদী সংগঠনটোৱে ‘ গজৱা - ই - হিন্দু নাম'ৰ আলোচনীখনত সংকল্প গ্ৰহণ কৰি কৈছে যে সংগঠনটোৱে ৰাম মন্দিৰ ভাঙি তাৰ ঠাইত এটা মছজিদ নির্মাণ কৰিব । এই সপ্তাহত সংগঠনটোৱেঅনলাইনভাৱে মুকলি কৰা আলোচনীখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰি এই সাৱধানবাণীক ‘ পাকিস্তান চৰকাৰৰ উদ্দেশ্যধৰ্মী প্ৰচাৰ ( প্ৰপেগেণ্ডা ) ’ বুলি নাভাবিবলৈও সতৰ্ক কৰি দিয়ে । সন্ত্রাসবাদী সংগঠনটোৱে ভাৰতীয় মুছলমানক জেহাদ বা পৱিত্ৰ যুদ্ধক সমর্থন জনাবলৈও আহ্বান জনায় । ১১০ পৃষ্ঠাৰ আলোচনীখনৰ সম্পাদকীয়ত কোৱা হৈছে , ' যিদৰে বাবৰি মছজিদৰ ধ্বংসাৱশেষত ৰাম মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে , তেনেদৰেই ইয়াক ধ্বংস কৰা হ'ব আৰু উক্ত মূৰ্তিৰ স্থানত আল্লাৰ নামত বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰা হ'ব । ' সম্পাদকীয়ত আৰু কোৱা হৈছে , এই সকলোবোৰ সম্পন্ন হ’বলৈ ত্যাগৰ প্ৰয়োজন ।। 

No comments