Breaking News

ভুৱা এনকাউণ্টাৰ সম্পৰ্কীয় এটা গোচৰত অসম চৰকাৰক সকাহ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে



ডিজিটেল ডেস্ক: ভুৱা এনকাউণ্টাৰ সম্পৰ্কীয় এটা গোচৰত অসম চৰকাৰক সকাহ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ভুৱা এনকাউণ্টাৰ সম্পৰ্কীয় এটা গোচৰত অভিযোগকাৰীয়ে আদালতত পতিয়নযোগ্য নথি দাখিল কৰিব নোৱৰা বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে । দিল্লীৰ আৰিফ মহম্মদ য়াছিন জোৱাৰ্দ্দাৰ নামৰ এজন লোকে দাখিল কৰা ৰাজুহুৱা স্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত ৰুজু কৰা ৮৬/২০২১ নম্বৰৰ গোচৰৰ দীঘলীয়া শুনানি গ্রহণ কৰি আৱেদনখন খাৰিজ কৰে । আৱেদনকাৰীজনে ভুৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত চিবিআই বা ন্যায়ালয়ত আৱেদন খাৰ্জি , অসম চৰকাৰক সকাহ উচ্চ পৰ্যায়ৰ তদন্তৰ আৰ্জিৰে উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল জোৱাদ্দাৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আৱেদনখন খাৰিজ কৰে । বিচাৰপীঠখনে অভিযোগকাৰীক ৰাজ্যৰ ১৭১ খন বিভিন্ন থানাৰ আৰক্ষীৰ বিৰুদ্ধে কৰা গোচৰৰ এফ আই আৰ আৰু তদন্তৰ প্ৰতিবেদন ইমেইলযোগে প্রদান কৰাৰ নিৰ্দেশ দিয়ে । আৱেদনকাৰীয়ে ২০২১ চনৰ পৰা মে'ৰ পৰা ২০২২ চনৰ জানুৱাৰীপর্যন্ত ৮০ টা ভুৱা এনকাউণ্টাৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল । এনে ভুৱা এনকাউণ্টাৰৰ ফলত ২৮ জন লোক মৃত্যুমুখত পৰা , ৪৮ জনতকৈ অধিক লোক আহত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল জোৱাদ্দাৰে ।  অভিযোগৰ সমৰ্থনত ভুৱা এনকাউণ্টাৰৰ ফলত নগাঁৱত এজন ছাত্রনেতা মৃত্যুমুখত পৰা ঘটনা সন্দৰ্ভত আদালতক অৱগত কৰোৱা হৈছিল ৷ গৃহ বিভাগে ভুৱা এনকাউন্টাক্ত জড়িত আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল । কিন্তু এই সকলো অভিযোগ সন্দৰ্ভত অভিযোগকাৰীয়ে আদালতক উপযুক্ত তথ্য যোগান ধৰিব নোৱৰা বাবে খাৰ্জি কৰা হয় আবেদনখন । 

No comments