Breaking News

শিলনীজানত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠানুষ্ঠান



পৰিমিতা গোস্বামী, শিলনীজানঃ সদৌ অসম কবি সন্মিলনৰ, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অন্তৰ্গত শিলনীজান শাখা কবি সন্মিলনৰ উদ্যোগত শনিবাৰে বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয়।  অবসৰ প্ৰাপ্ত শিক্ষয়িত্রী অনিমা নেওগ বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ আৰম্ভণিতে সদ্য প্ৰয়াত কাব্যঋষি নীলমণি ফুকন আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি পাৰি ৰংপিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ।  কবি সন্মিলনৰ সম্পাদক পৰিমিতা গোস্বামীয়ে উদ্দেশ্যা ব্যাখ্যা আগবঢ়োৱা সভাখনৰ লগত সংগতি ৰাখি  গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠৰ অনুষ্ঠান এটিৰো অনুষ্ঠিত কৰা হয় ।  এই অনুষ্ঠানতে শিলনীজান শাখা কবি সন্মিলনৰ মুখপত্র “চোতালৰ কবিতা”  উন্মোচন কৰে  অৱসৰ প্ৰাপ্ত শিক্ষয়িত্রী আৰু গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই । উন্মোচকৰ একাষাৰত বৰাই কবিতাৰ বিশ্লেষণৰ লগতে কবি সকলক অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি অম্বিকা বল্লভ গোস্বামীয়ে সাৰুৱা বক্তব্যৰে সভাৰ সৌষ্ঠব বৃদ্ধি কৰে । আজিৰ কবিতা পাঠৰ অনুষ্ঠানত পোন্ধৰ গৰাকীৰো অধিক কবিয়ে কবিতা পাঠ কৰে । সভাপতিৰ বক্তব্যৰ পাছত কাব্যমন্ত্র পাঠেৰে সভাৰ সামৰণি মাৰে ।


No comments