Breaking News

পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

 


ডিজিটেল ডেস্ক:
ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মাচুলৰ ৫০ পইচাকৈ বৃদ্ধি পাব । আগন্তুক দুমাহৰ বাবে এই মাচুল বৃদ্ধি কৰিছে এপিডিচি এলে। ইন্ধনৰ মূল্য বৃদ্ধিৰ (এফ পি পি এ) দোহাই দি এ পি ডি চি এলে প্রতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে চৰকাৰলৈ ইতিপূৰ্বে প্ৰেৰণ কৰা প্ৰস্তাৱত সেউজ সংকেত দিছে দিছপুৰে।  এ পি ডি চি এলে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি চলিত বিত্তীয় বৰ্ষত তিনিবাৰকৈ মাচুল বৃদ্ধি কৰাৰ পাছত ফেব্ৰুৱাৰী দুমাহৰ বাবে চতুৰ্থ বাৰলৈ প্রতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে এ পি ডি চি এলে দুবাৰ প্ৰতি ইউনিটৰ বিপৰীতে ৩০ পইচাকৈ আৰু এবাৰ ৬০ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল৷  আগন্তুক বিত্তীয় বৰ্ষ অর্থাৎ ২০২৩-২৪ বৰ্ষৰ বাবেও এ পি ডি চি এলে ৰাজহ ঘাটিত দোহাই দি বিদ্যুতৰ মাচুল প্রতি ইউনিটত ১.৮০ টকাকৈ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক প্ৰস্তাৱ দাখিল কৰিছে। নিয়ামক আয়োগে শীঘ্ৰে ৰাজহুৱা শুনানি গ্রহণ কৰি মাচুল বৃদ্ধিৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আগন্তুক বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰাই এ পি ডি চি এলে বাৰ্ষিক প্ৰস্তাৱিত নিৰিখৰ উপৰি ইন্ধনৰ মূল্য বৃদ্ধিৰ নামতো অতিৰিক্ত মাচুল বৃদ্ধি কৰি উপভোক্তাক যে মাধমাৰ সোধাব সেয়া নিশ্চিত

No comments