Breaking News

যোশী মঠলৈ পৰিণত হ'ব নেকি গুৱাহাটী ।


 ডিজিটেল ডেস্ক:গুৱাহাটীৰ খাৰঘুলিত অন্য এক যোশী মঠৰ ঘটনা হোৱাৰ আশংকা প্রকাশ কৰিছে ৰাজ্যৰ এজন প্রাক্তন মুখ্য সচিবে। অসমৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই আশংকা কৰি এটা টুইট কৰিছে। খাৰঘুলিৰ এখন সৰু পাহাৰৰ টিলাত এটা কেইবামহলীয়া অট্টালিকা নিৰ্মাণ কৰাক লৈ যোশী মঠৰ দৰে অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰি টুইট কৰিছে প্ৰাক্তন মুখ্য সচিবজনে। প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁ কয়— 'খাৰঘুলিৰ পাহাৰত কেইবামহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰা দৃষ্টিগোচৰ হৈছে। নিৰ্মাণৰত অট্টালিকাটোৱে ৰাষ্টাৰো এটা অংশক সামৰি লৈছে। খাৰঘুলিৰ এখন সৰু পাহাৰত নিৰ্মাণ কৰা হৈছে কেইবামহলীয়া অট্টালিকাটো। গুৱাহাটীটো অন্য এক যোশী মঠৰ ঘটনা হোৱাৰ পূৰ্বে এই পাহাৰখনে ইমান বিশাল আকাৰৰ অট্টালিকাৰ ভৰ সহিব পাৰিবনে নাই প্ৰশাসনে পৰীক্ষা কৰা উচিত'। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণৰ দৃষ্টি গোচৰ কৰি তেওঁ টুইট কৰিছে। কিন্তু  সাধাৰণ লোকৰ ক্ষেত্ৰত সামান্য টিলা হ’লেই গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান দিয়া হয় খুব বেছি ‘জি + ১’ অৰ বাবে। তাৰ পাছতো খাৰঘুলিৰ পাহাৰত কেইবামহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি পালে কেনেকৈ তাক লৈ প্রশ্ন উঠিছে।

No comments