Breaking News

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি ভৱনত থকা বিখ্যাত মোগল গার্ডেনৰ নাম সলনি কৰি অমৃত উদ্যান ৰাখিছে।



 ডিজিটেল ডেস্ক: দেশে ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰাৰ দুদিন পাছতে কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক বাগিচাখনৰ নাম সলনি কৰে। ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৰ প্ৰেছ সচিব নবিকা গুপ্তই শনিবাৰে এটা প্ৰেছ বিবৃতিযোগে জনাইছে যে, স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে দেশজুৰি ‘আজাদী কা অমৃত মহোৎসৱ' পালন কৰা হৈছে। তাৰ সৈতে সংগতি ৰাখিয়েই ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে মোগল গার্ডেনৰ নাম সলনি কৰি অমৃত উদ্যান ৰাখিছে। আজি নতুনকৈ নামাকৰণ কৰা অমৃত উদ্যান উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে।  ৩১ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে এই সুদৃশ্য মোগল গার্ডেন মুকলি কৰি দিয়া হয়। এইবাৰো সেই একেখন ফুলনি বাগিচা দর্শনার্থী অমৃত উদ্যান হিচাপে দৰ্শন কৰিব পাৰিব। এই উদ্যান ১৫ একৰ ভূমিত বিস্তৃত হৈ আছে।

No comments