Breaking News

ওড়িষাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলীচালনা



উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নবা দাশলৈ লক্ষ্য কৰি গুলীচালনা। গুলীবিদ্ধ দাশত সংকটত জনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত ।

বুকুত গুলী লাগিছে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। 

খবৰ অনুসৰি দাসৰ ওপৰত গুলী চালনা কৰা ব্যক্তিজন আৰক্ষীৰ পোছাকত আছিল। ব্ৰজৰাজনগৰৰ গান্ধী চকত এটা কাৰ্যসূচীত অংশল'বলৈ গৈ অৱস্থাতে সংঘটিত হয় ঘটনাটো । 


ব্ৰজৰাজনগৰৰ এছডিপিঅ' গুপতেশ্বৰ ভোই অ'টিভিক কৈছিল যে এজন সহকাৰী উপ-পৰিদৰ্শকে স্বাস্থ্য মন্ত্ৰীৰ ওপৰত গুলীচালনা কৰিছে। গোপাল দাশ বুলি চিনাক্ত কৰা সহকাৰী উপ-পৰিদৰ্শকজনক গান্ধী ছকত নিযুক্তি দিয়া হৈছিল। "সহকাৰী উপ-পৰিদৰ্শক গোপাল দাশে মন্ত্ৰী নব দাসক তেওঁৰ ৰিভলভাৰৰ পৰা গুলী চালনা কৰিছিল, বুলি জনাই এছডিপিঅ’গৰাকীয়ে।


বৰ্তমানলৈকে  এএছআই গৰাকীয়ে মন্ত্ৰীজনৰ ওপৰত গুলী চালনা কৰাৰ প্ৰকৃত কাৰণ স্পষ্ট বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। বৰ্তমান  এএছআই গোপাল দাসক আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু জেৰা অব্যাহত ৰাখিছে। 

ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে  নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। 

No comments