Breaking News

ড্ৰেছ ক’ড উলংঘন কৰাৰ বাবে অধিবক্তা বিজন মহাজনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা বাহিৰ কৰি দিয়ে এগৰাকী ন্যায়াধীশে


ডিজিটেল ডেস্ক...
.বাৰ কাউঞ্চিল আৰু অধিবক্তা আইনে নিৰ্ধাৰণ কৰা ড্ৰেছ ক’ড উলংঘন কৰাৰ বাবে অধিবক্তা বিজন মহাজনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা বাহিৰ কৰি দিয়ে এগৰাকী ন্যায়াধীশে । শুকুৰবাৰে নিহাৰ কুমাৰ দাস নামৰ এজন অভিযুক্তৰ অগ্রিম জামিন আবেদনৰ গোচৰ শুনানিত অধিবক্তা বিজন মহাজনে নিয়মাফিক ক’লা পেণ্টৰ পৰিৱৰ্তে জীন্‌ছ পেণ্ট পিন্ধি শুনানিত অংশ লোৱাৰ দৃষ্টিগোচৰ হয় ন্যায়াধীশ কল্যাণ ৰায় চুৰানাৰ বিচাৰপীঠৰ । লগে লগে বিচাৰপীঠে হাইক'ৰ্টৰ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক তলব কৰি অধিবক্তা বিজন মহাজনক ন্যায়ালয়ৰ ড্ৰেছ ক’ড উলংঘন কৰাৰ বাবে আদালতৰ চৌহদৰ বাহিৰ কৰি দিয়ে । ক্ষুব্ধ ন্যায়াধীশ কল্যাণ ৰায় চুৰানাই দায়িত্বশীল অধিবক্তাজনৰ এই কাৰ্যৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ৰেজিষ্টাৰ জেনেৰ্লেকো অৱগত কৰিছে । বাৰ কাউঞ্চিলে ডেছ ক’ড অনুসৰি অনুমোদিত পোছাক নিপিন্ধা অধিবক্তাৰ ওকালতিত নিষেধাজ্ঞা আৰোপ কৰাৰো বিধান আছে । এনে ক্ষেত্ৰত অধিবক্তা বিজন মহাজনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তথা বাৰ কাউঞ্চিলে কি ব্যৱস্থা ল’ব , সেয়া সময়তহে স্পষ্ট হ’ব । দশক জোৰা ওকালতি জীৱনত ক’লা দাস লগোৱা অধিবক্তা বিজন মহাজনৰ শুকুৰবাৰৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজৰ মাজতো এতিয়া ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অধিবক্তা বিজন মহাজন বিজেপি দলৰো গুৰুত্বপূৰ্ণ বিষয়বাবত আছে ।

No comments