Breaking News

অসম ৰাইফলছৰ ৩১ জনীয়া দলক আবদ্ধ কৰি ৰাখিলে এন এছ চি এনে ...



ডিজিটেল ডেস্ক:অসম ৰাইফলছৰ ৩১ জনীয়া দলক আবদ্ধ কৰি ৰাখিলে এন এছ চি এনে ...চৰকাৰী বাহিনীৰ বিৰুদ্ধে যুদ্ধবিৰতিৰ নিয়মাবলী ভংগৰ অভিযোগ....কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুদ্ধ  বিৰতিত থকা সশস্ত্র সংগঠনটোৱে অসম ৰাইলফলছৰ ৩১ জনীয়া দলটোক কমেও আধাঘণ্টা সময় ধৰি আবদ্ধ কৰি ৰাখে । কালি সংঘটিত হোৱা ঘটনাটোৱে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । আনকি সামৰিক বাহিনীয়ে ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে । উল্লেখযোগ্য  নাগালেণ্ডৰ পেৰেন জিলাৰ লিলেন গাঁৱৰ সমীপত এন এছ চি এন ( আই এম ) ৰ প্ৰশিক্ষণ মুখ্য কাৰ্যালয়ৰ কাষতে থকা বনাঞ্চলত সংঘটিত হয় এই কাণ্ড । এই ঘটনাৰ বুলি দাবী কৰা ভিডিঅ ' ক্লিপ আৰু ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাত সৰ্বত্ৰ চাঞ্চল্যুৰ সৃষ্টি হয় ।এন এছ চি এন বাবে নিৰ্ধাৰিত এলেকাৰ সীমান্তৰ কাষেৰে সঘনাই নিৰাপত্তা বাহিনীয়ে যুদ্ধবিৰতিৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে । সামৰিক সূত্ৰই দাবী কৰিছে যে আহাম দাবী কৰি এন ( আই এম ) ৰ দলটোৰ ৰাইফলছৰ জোৱানসকলে দাবী কৰাধৰণে এন এছ চি এন ( আই এম ) ৰ ভূখণ্ডত অনুপ্রৱেশ কৰা নাছিল । সামৰিক সুত্ৰই জনোৱামতে অসম ৰাইফলছৰ টহলপাৰী দল এটাই কৰ্তবা সম্পূৰ্ণ কৰি শিবিৰলৈ উভতি যোৱাৰ পথত কিছু সময় বিৰতি লৈ আছিল । তেতিয়াই একেটা পথতে চলাচল কৰা এন এছ চি এনৰ সদস্যই পৰিস্থিতি নিৰীক্ষণ কৰি ঘটনাস্থলীত উপস্থিত হৈ অসম ৰাইফলছৰ সৈতে বাক - বিতণ্ডাত লিপ্ত হয় । অৱশ্যে আছাম ৰাইফলছৰ বিষয়াগৰাকীয়ে তেওঁলোকে বাট পাহৰি সেই ঠাইত উপস্থিত হোৱা বুলি নগা আমিৰ বিষয়াসকলক অৱগত কৰে ।

No comments