Breaking News

সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ‘ দ্বিতীয় প্রতিষ্ঠা দিৱস ’ পালন




 ডিজিটেল ডেস্ক:বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ দ্বিতীয় প্রতিষ্ঠা দিৱসত অংশ লৈ  মন্তব্য কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে সংখ্যালঘুসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্রাম কৰিব লাগিব আৰু অসমত বসবাস কৰা গৰিয়া মৰিয়াসকলে সেয়া আৰম্ভ কৰি দিছে..  গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বোকাখাত আঞ্চলিক সমিতিৰ সহযোগত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ‘ দ্বিতীয় প্রতিষ্ঠা দিৱস ’ পালন কৰা হয় । সভাত বিশেষ আমন্ত্রিত অতিথিৰূপে অংশ লয় বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে ।  অসমৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত প্রতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে অংশ লয় ‘ প্রতিদিন টাইম’ৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে । পুৱা পতাকা উত্তোলন , স্মৃতি তৰ্পণৰ পিচতে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট লোকসকলে ভাষণ প্রদান কৰে । সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুবৰ্ণ শ‍ইকীয়া বৰদলৈয়ে বার্ষিক আলোচনী উন্মোচন কৰাৰ পিচতেই তিনিজন বিশেষ ব্যক্তি ক্ৰমে পদ্মশ্রী য়েছে দৰজে ঠংচিক স্বাধীনতা যুঁজাৰু বাহাদুৰ গাঁওবুঢ়া স্মৃতি বঁটা , চিৰাজউদ্দিন আহমেদক জ্যেষ্ঠ চেৰা ঢেক শিল্পী দোস্ত হবিবুৰ ৰহমান স্মৃতি বঁটা আৰু এলভিছ আলী হাজৰিকাক গৰিয়া গৌৰৱ বঁটা প্ৰদান কৰাৰ উপৰি পাঁচজন বিশিষ্ট ব্যক্তিক মৰণোত্তৰভাৱে গৰিয়া ৰত্ন প্ৰদান কৰে ।

No comments