Breaking News

ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা বহু অঞ্চলত শোচনীয় হৈ পৰিছে ।


ডিজিটেল ডেস্ক...মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা বহু অঞ্চলত শোচনীয় হৈ পৰিছে । ঘাইপথসমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ পাছতো পথসমূহ মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই । অথচ প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতিৰ বাবে বৃহৎ অংকৰ ধন প্ৰদান কৰে । কিন্তু ধনৰ সদ্ব্যৱহাৰ নহয় । আনহাতে , ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰতো অনুমোদিত পুঁজিৰ এক বৃহৎ অংকৰ ধন প্ৰতি বছৰে ব্যয় নোহোৱাকৈয়ে অসমত ৰৈ গৈছে । যাৰ ফলত বছৰ বছৰ পাৰ হোৱাৰ পাছতো আজিলৈকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই । অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ প্ৰকৃত ছবিখন উদঙাই খোদ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্র্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি যোৱা চাৰি বছৰত ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাই পথসমূহৰ মেৰামতিৰ বাবে অনুমোদন জনোৱা 324.৮২ কোটি টকাৰ ভিতৰত ব্যয় হ’ল মাত্র ১১৭.৬৬ কোটি টকাহে । অর্থাত্‍ ৰাষ্ট্ৰীয় ঘাই পথসমূহ জৰাজীৰ্ণ হৈ পৰাৰ পাছতো ২০৭.১৬ কোটি টকা ব্যয়েই নকৰিলে বিভাগে । আনহাতে , যোৱা পাঁচ বছৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে প্ৰদান কৰিছিল মুঠ ২৫৯৭.৮৩ কোটি টকা , কিন্তু এই ধনৰ ভিতৰতো ব্যয় নোহোৱাকৈয়ে ৰৈ গ'ল ৩০২.৬৭ কোটি টকা । ইফালে ৰাজ্যখনত যোৱা সাত বছৰত নতুনকৈ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ হৈছে মাত্র ৪৪৩ কিল'মিটাৰহে । মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৩-১৪ বৰ্ষত ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাই পথৰ দৈৰ্ঘ্য হৈছে ৩৬৩৪ কিল'মিটাৰ । আনহাতে ২০২২ চনত এই দৈর্ঘ্য বৃদ্ধি পাই হৈছেগৈ ৪০৭৭ কিল'মিটাৰ । সকলোতকৈ ডাঙৰ কথা যে কেন্দ্ৰীয় চৰকাৰে ধন প্ৰদান কৰাৰ পাছতো বিভাগে আশ্চর্যজনকভাৱে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথসমূহ মেৰামতি নকৰে । বিস্তৃত তথ্য অনুসৰি মেৰামতিৰ বাবে ২০১৯ -২০ বৰ্ষত ধার্য কৰা ২৮.৪৯ কোটিৰ ভিতৰত ৩.২৮ কোটি , ২০২০-২২ বৰ্ষত ধার্য কৰা ১৩০.৬৮ কোটিৰ ভিতৰত ৭৩.১৯ কোটি , ২০২১-২১ বৰ্ষত ধার্য কৰা ১১০.৭০ কোটিৰ ভিতৰত ৩৮.৬০ কোটি আৰু ২০২২-২৩ বৰ্ষত ধার্য কৰা ৫৪.৯৫ কোটিৰ ভিতৰত যোৱা অক্টোবৰলৈকে মাত্র ২.৫৯ কোটি টকাহে ব্যয় হৈছে । একেদৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ বাবে ২০১৭ -১৮ বৰ্ষত অনুমোদন জনোৱা ৪৩০.৬৮ কোটিৰ ভিতৰত ৩৯৭.০৯ কোটি , ২০১৮-১৯ বৰ্ষত অনুমোদিত ৪৬২.৩৩ কোটিৰ ভিতৰত ২৩২.৩৩ কোটি , ২০১৯-২০ বৰ্ষত অনুমোদিত ৪৫৮.৪৯ কোটিৰ ভিতৰত ৪৩১.২৮ কোটি , ২০২০-২১ বৰ্ষত অনুমোদিত ৫৫০.৬৮ কোটিৰ ভিতৰত ৪৯৩.১৯ কোটি , ২০২১-২২ বৰ্ষত অনুমোদিত ৪৬০.৭ কোটিৰ ভিতৰত ৩৯৫.৬ কোটি আৰু ২০২২-২৩ বৰ্ষত অনুমোদিত ২৩৪.৯৫ কোটিৰ ভিতৰত ১৪৫.৬৭ কোটি ব্যয় হৈছে  ৰাজ্যখনত কিদৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়নৰ কাম চলি আছে । ইখনৰ পাছত সিখনকৈ টোলগেট স্থাপন কৰি গৈছে কেন্দ্ৰই । চলিত বৰ্ষতে ৰাজ্যখনত দুখনকৈ নতুন টোলগে'ট স্থাপনৰ সিদ্ধান্ত লৈছে ।

No comments