Breaking News

এপিএছচিৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰকক জেৰা ....ৰাকেশ পাল এণ্ড কোম্পানীয়ে উত্তৰ বহী জালিয়াতিৰে বাছনি কৰা দুৰ্নীতিগ্রস্ত ৰাজপত্ৰিত বিষয়াৰ বিপদ নিশ্চিত হৈ পৰিছে

 


ডিজিটেল ডেস্ক..এপিএছচি কেলেংকাৰিৰ তদন্তৰ দ্বিতীয় অধ্যায় এপিএছচিৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰকক জেৰা ....ৰাকেশ পাল এণ্ড কোম্পানীয়ে উত্তৰ বহী জালিয়াতিৰে বাছনি কৰা দুৰ্নীতিগ্রস্ত ৰাজপত্ৰিত বিষয়াৰ বিপদ নিশ্চিত হৈ পৰিছে ।  তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে আৰম্ভ কৰিছে.... । সেই অনুসৰি এ পি এছ চিৰ ২০১৪ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰায় ৪৫ হাজাৰ অ ’ এম আৰ শ্বীট জ্বলাই কেলেংকাৰিক গাপ দিয়াৰ চেষ্টা চলোৱা তদানীন্তন মুখ্য পৰীক্ষা নিয়ন্ত্রক নন্দবাবু সিনহাক শনিবাৰে মাৰাথন জেৰা কৰে তদন্তকাৰী বিষয়াজনে । কন্যাই পৰীক্ষা দিয়াৰ বাবে মুখ্য পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশনা থকাৰ পাছতো এ পি এছ চিৰ পৰীক্ষাৰ নথি - পত্ৰত নন্দবাবু সিনহাই কিয় আৰু কেনেকৈ স্বাক্ষৰ কৰিছিল সেই সন্দৰ্ভতো প্রশ্ন কৰে তদন্তকাৰী বিষয়াই । অৱশ্যে তদন্তকাৰী বিষয়াৰ আগত নন্দবাবু সিনহাই পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বৰ পৰা অব্যাহতি নিদিয়াৰ বাবে চৰকাৰলৈ দোষ ঠেলিব বিচাৰিও সকলো প্রশ্নৰে সঠিক উত্তৰ দিয়াত ব্যর্থ হয় তদানীন্তন দায়িত্ববাহী পৰীক্ষা নিয়ন্ত্রকজনে । উল্লেখ্য , প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক আয়োগৰ তদন্তত এ পি এছ চি কেলেংকাৰিত মুখ্য পৰীক্ষা নিয়ন্ত্রক নন্দবাবু সিনহা কিদৰে জড়িত আছিল তাৰ তথ্য উন্মোচন হৈছিল । এ পি এছ চিৰ ২০১৩ বৰ্ষৰ কেলেংকাৰিৰ ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ উমান পাই পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই ২০১৪ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ৪৫ হাজাৰ অ ’ এম আৰ উত্তৰ বহী নিশাৰ আন্ধাৰত জ্বলাই নষ্ট কৰিছিল । অৱশ্যে এই অভিযোগৰ সন্দৰ্ভত নন্দবাবু সিনহাৰ যুক্তি — ‘ এ পি এছ চিৰ বিধিৰ ১৬৭ ৰ দফা অনুসৰি আইন মতে অধ্যক্ষৰ অনুমোদন সাপেক্ষে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৬ মাহৰ পাছত প্ৰাৰম্ভিক পৰীক্ষাৰ উত্তৰ বহীসমূহ জ্বলাই দিয়া হৈছিল । ইয়াত কোনো আইন বিৰুদ্ধ কাম কৰা নাই । ' অৱশ্যে নন্দবাবু সিনহাৰ এই বক্তব্যৰ বিপৰীতে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰৰ অভিযোগ — এ পি এছ চিৰ নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱা ২ বছৰৰ পাছতহে উত্তৰ বহী জ্বলাই দিব পাৰে । কিন্তু পালবাহিনীয়ে সেয়া পৰীক্ষাৰ ৬ মাহৰ ভিতৰত জ্বলাই দিয়াৰ নিয়ম প্ৰস্তুত কৰি এছ অ ' পি প্রকাশ কৰিছিল । যাতে তথ্য প্রমাণ নোহোৱা কৰিব পাৰে । ' ইফালে পিতৃ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত থকাৰ সময়তে ২০১৪ বৰ্ষৰ পৰীক্ষাত নন্দবাবু সিনহাৰ কন্যা মিনাভা দেৱী আৰম্বামে এ চি এছ বিষয়া হিচাপে বাচনি লাভ কৰিছিল । অথচ সেই বৰ্ষৰ ‘ মূল ’ পৰীক্ষাৰ আগলৈকে আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল নন্দবাবু । কিন্তু ‘ মূল ’ পৰীক্ষাৰ পূৰ্বে চৰকাৰী নির্দেশনাত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বৰ পৰা নন্দবাবু সিনহাক আঁতৰাই বিভা শৰ্মাক দায়িত্ব দিয়া হৈছিল । কিন্তু আনুষ্ঠানিকভাৱে মুখ্য পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত নথকাৰ পাছতো নন্দবাবু সিনহাই চূড়ান্ত বাছনি তালিকা প্রকাশ কৰা পর্যন্ত আয়োগৰ পৰীক্ষা সম্পৰ্কীয় গোপনীয় নথি - পত্ৰতো স্বাক্ষৰ কৰিছিল । এই সন্দৰ্ভত শনিবাৰে সংবাদ মাধ্যমৰ আগত নন্দবাবু সিনহাই চৰকাৰলৈ দোষ ঠেলি কয় — ' কন্যাই পৰীক্ষা দিয়াৰ বিষয়টো মই চৰকাৰক অৱগত কৰিছিলো । কিন্তু চৰকাৰে মোক দায়িত্বৰ পৰা অব্যাহতি নিদিলে এজন চৰকাৰী বিষয়া হিচাপে কাম কৰি যাবলৈ মই বাধ্য ।নন্দবাবু সিনহাক জেৰা কৰাৰ সন্দৰ্ভত তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানছাৰে কয় — ' নন্দবাবু সিনহাই বহু প্রশ্নৰ উত্তৰ দিব পৰা নাই । তেওঁ পাহৰি যোৱা বুলি জনাইছে যদিও আমি তেওঁক কথাবোৰ মনত পেলাবলৈ কৈছো । পুনৰ তেওঁক আমি জেৰাৰ বাবে তলব কৰিম । 

No comments