Breaking News

পুত্ৰৰ জন্মদিনৰ দিনাই আকস্মিকভাৱে মৃত্যু মুখত পৰিল এজন জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট শিল্পী

 


ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা । পুত্ৰৰ জন্মদিনৰ দিনাই আকস্মিকভাৱে মৃত্যু মুখত পৰিল এজন জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট শিল্পী । গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা । চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ খামব্ৰেঙা বিলৰ হাতীয়ে খেদি গচকি মাৰিলে অধিবক্তাক জিলাৰ চেচন কৰ্টৰ চৰকাৰী অধিবক্তা দিলীপ নাথৰ ৮ বছৰীয়া পুত্ৰৰ জন্মদিন উপলক্ষে শনিবাৰে বীৰকুছিৰ ঘৰত বিশেষ আয়োজন চলিছিল । নিশাৰ ভাগত পুত্ৰ জন্মদিন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী - অধিবক্তা দিলীপ নাথে গীত পৰিবেশন কৰি অতিথিক আপ্লুত কৰিছিল । অনুষ্ঠানৰ শেষত দিলীপ নাথে জন্মদিনৰ বাবে অহা ৰান্ধনীক লৈ বীৰকুছিৰ ঘৰৰ পৰা ঠাকুৰকুছিত থকা তেওঁৰ ' কানমাই ' নামৰ ৰিজ'ৰ্টলৈ ব্যক্তিগত বাহনৰে গৈ থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয় ।তিনিটা হাতীয়ে শিল্পীজনক আক্ৰমণ কৰে আৰু হাতীৰ গচকত থিতাতে নিহত হয় অধিবক্তা দিলীপ নাথ । ঘটনাস্থলীত স্থানীয় যুৱকৰ দল উপস্থিত হৈ প্ৰাগজ্যোতিষপুৰ থানাত খবৰ দিয়ে । আৰক্ষীয়ে দিলীপ নাথৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে দেওবাৰে মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে ।শিল্পী দিলীপ নাথৰ আকস্মিক মৃত্যুত অঞ্চলটোৰ লগতে শিল্পী আৰু অধিবক্তা সমাজত গভীৰ শোকৰ ছাঁ পৰিছে । 

No comments