Breaking News

ৰেখাক গামোচা পিন্ধাই মুম্বাইত অসমৰ ছবিৰ প্ৰচাৰ ...



 ডিজিটেল ডেস্ক:ৰেখাক গামোচা পিন্ধাই মুম্বাইত অসমৰ ছবিৰ প্ৰচাৰ ...বিখ্যাত আলোচনী ‘ ষ্টাৰ্ডাষ্টৰ সোণালী জয়ন্তী অনুষ্ঠান  মুম্বাইৰ তাজ চাণ্টাক্লজ হোটেলত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে পালন কৰা হয় । এই অনুষ্ঠানতে পংকজ মহন্ত প্রযোজিত আৰু অৰুণজিৎ বৰুৱা পৰিচালিত চাদ্ৰী আৰু অসমীয়া ভাষাত নির্মিত চলচ্চিত্র ‘ মিনি’ৰ ট্ৰেইলাৰ মুকলি....ৰেখাক গামোচা পিন্ধাই মুম্বাইত অসমৰ ছবিৰ প্ৰচাৰ কৰা হয় । চলচ্চিত্ৰখনত বলোৰাম দাস , উৰ্মিলা মহন্ত , ধনঞ্জয় দেবনাথ , নৱ মহন্ত , চিমি গোস্বামী আদিয়ে অভিনয় কৰাৰ লগতে সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই , চাউণ্ড ডিজাইনিঙ দেৱজিৎ চাংমাই আৰু ভগৱত প্ৰীতমৰ । চলচ্চিত্ৰখন সংগীতেৰে সজাইছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী তৰালি শৰ্মাই । অনুষ্ঠানত বলীউডৰ যশস্বী শিল্পী , প্রখ্যাত অভিনেত্ৰী ৰেখা উপস্থিত থাকে । তেওঁক চলচ্চিত্ৰখনৰ প্ৰযোজক পঙ্কজ মহন্তই অসমৰ গৌৰৱ এখন ফুলাম গামোচা উপহাৰ দিয়ে । অসমীয়া ফুলাম গামোচা দেখি আপ্লুত হৈ পৰে ৰেখা । ৰেখাই অসমৰ চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ উপভোগ কৰি ভূয়সী প্রশংসা কৰে । অসমৰ ঠাইবোৰ সুন্দৰ , চলচ্চিত্ৰৰ চৰিত্ৰবোৰ সুন্দৰ হৈছে আৰু চলচ্চিত্ৰখনে মুক্তিলাভ কৰিলে সুযোগ পালে নিশ্চয় চাব বুলি কয় ৰেখাই । এই অনুষ্ঠানত অনুপম খেৰ , অনিল কাপুৰ , কার্তিক আৰিয়ান , পুনম ধীলন প্ৰমুখ্যে বলীউডৰ বহু নামী দামী তাৰকা উপস্থিত থাকে । চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ উপভোগ কৰি সকলোৱে উচ্চ প্রশংসা কৰে ।

No comments