Breaking News

বিচিচিৰ বিতৰ্কিত তথ্যচিত্ৰৰ বিৰুদ্ধে অৱশেষত নিজেই যুঁজত নামিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।



ডিজিটেল ডেস্ক: বিচিচিৰ বিতৰ্কিত তথ্যচিত্ৰৰ বিৰুদ্ধে অৱশেষত নিজেই যুঁজত নামিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । গুজৰাটৰ সাম্প্রদায়িক সংঘৰ্ষৰ পূৰ্বে অপ্রকাশিত অলেখ তথ্য আৰু তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা । এই তথ্যচিত্ৰখন ভাৰতত প্ৰচাৰ হ'লে এতিয়াৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে  বদনাম হোৱাৰ আশংকা কৰি কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিতে তথ্যচিত্ৰখন ভাৰতত প্ৰচাৰ নহ’বলৈ যৎপৰোনাক্তি চেষ্টা চলাইছিল । সেই প্ৰচেষ্টাৰ অংশস্বৰূপে মোদী চৰকাৰে প্ৰথমে বিবিচিৰ তথ্য চিত্ৰখনৰ ভাৰতত প্ৰদৰ্শন নিষিদ্ধ কৰে ।  মোদী চৰকাৰে ভাৰতত এই তথ্যচিত্ৰখনৰ প্ৰদৰ্শন বন্ধ কৰিব পৰা নাই । তথ্যচিত্ৰখন এতিয়া প্ৰদৰ্শন হ’বলৈ ধৰিছে বিভিন্ন বিশ্ববিদ্যালয়সমূহত । প্রথমে দিল্লী বিশ্ববিদ্যালয় , তাৰ পাছত জামিয়া মিলিয়া ইছলামিয়াত প্ৰদৰ্শন আৰু প্ৰদৰ্শনৰ চেষ্টা চলোৱাৰ পাছত  মুম্বাইৰ টাটা ইনষ্টিটিউট অব ছ'চিয়েল ছায়েন্স ( টিছ ) প্রতিষ্ঠানত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয় । ‘ টিছ’ৰ কৰ্তৃপক্ষই প্ৰদৰ্শন নিষিদ্ধ কৰি কঠোৰ পদক্ষেপ লোৱাৰ সকিয়নী দিলেও ছাত্র - ছাত্রীসকলে সেই সকিয়নী উপেক্ষা কৰি  ৰাজহুৱাকৈ তথ্যচিত্ৰখন প্ৰদৰ্শন কৰে । সেই সময়ত এবিভিপি আৰু বিজেপিৰ কৰ্মকৰ্তাই প্ৰদৰ্শন বন্ধ কৰিবলৈ আহি প্ৰতিবাদ কৰাত সংঘৰ্ষৰ সৃষ্টি হয় ।

No comments