Breaking News

৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বেংগালুৰুত অনুষ্ঠিত হ'ব ভাৰত শক্তি সপ্তাহ , ২০২৩

 


ডিজিটেল ডেস্ক..
৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া ভাৰত শক্তি সপ্তাহ , ২০২৩ ( আই ই ডব্লিউ ২০২৩ ) ৰ প্ৰাক্‌মুহূৰ্তত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ , গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰী আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ , শ্রম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি মহাবাহু ব্ৰহ্মপুত্ৰত মিথানল মিশ্রিত ডিজেলৰ দ্বাৰা চালিত আভ্যন্তৰীণ জল বাহনৰ ডেমো ৰান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । ‘ এছ বি গংগাধৰ ' নামৰ ৫০ জন লোক বহিব পৰা মটৰ লন্স মেৰাইন জাহাজেৰে এই নাও যাত্ৰা কৰা হয় । মেৰাইন নাওখনত , দুটা ৰাষ্টন মেক ডিজেল ইঞ্জিন ( প্ৰতিটো ইঞ্জিন ১০৫ এছ পি ) আছে । নাওখন এম ডি -১৫ ( ১৫ শতাংশ মিথানলমিশ্রিত এইচ এছ ডি ) ৰ দ্বাৰা চলিব । মিথানল হৈছে উচ্চ মাত্ৰাৰ পোৰা কয়লা , কৃষি অৱশিষ্ট , তাপ শক্তি কেন্দ্ৰৰ পৰা কাৰ্বন - ডাই - অক্সাইড আৰু প্ৰাকৃতিক গেছৰ পৰা উৎপাদিত কম কার্বনযুক্ত হাইড্ৰ'জেন বাহক ইন্ধন । চি অ ’ পি -২১ ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পূৰণৰ বাবে ই হৈছে সৰ্বোত্তম উপায় । যদিও পেট্র’ল আৰু ডিজেলতকৈ শক্তিৰ পৰিমাণ কিছু পৰিমাণে কম , পৰিবহণ খণ্ড ( পথ , ৰে'ল আৰু সামুদ্রিক ) , শক্তি খণ্ড ( ডি জি চেট , বয়লাৰ , প্ৰচেছ হিটিং মডিউল , ট্ৰেক্টৰ আৰু বাণিজ্যিক বাহন ) আৰু ৰন্ধন কাৰ্য ( এল পি জিৰ বিকল্প , আংশিকভাৱে ) , কেৰ'চিন আৰু কাঠ কয়লা ইত্যাদি দুয়োটা ইন্ধনৰ ঠাই মিথানলে ল'ব পাৰে । আজি সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয়— ‘ অসমত অসম পেট্র’কেমিকেল লিমিটেড ( এ পি এল ) ত নামৰূপে বর্তমান প্রায় ১০০ টি পি ডি মিথানল উৎপাদন কৰে আৰু ৫০০ টি পি ডি মিথানল উৎপাদনৰ বাবে এক নতুন প্রকল্প ৰূপায়ণ কৰি থকা হৈছে । নিটি আয়োগৰ মিথানল - অর্থনীতি কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতৰ তেল আমদানিৰ বিল , সেউজ গৃহ গেছ ( জি এ ই জি ) নির্গমণ হ্ৰাস কৰা , কয়লাৰ মজুত আৰু পৌৰসভাৰ কঠিন আৱৰ্জনাক মিথানললৈ ৰূপান্তৰ কৰা ।

No comments