Breaking News

উচ্চতম ন্যায়ালয়ৰ শুনানীঃবিস্ফোৰণ কাণ্ডৰ গোচৰটোৰ খৰতকীয়া নিষ্পত্তিৰ নিৰ্দেশ



ৰবীন মৰাণ,

ডিজিটেল সংবাদ, পেঙেৰী.. যোৱা ২৩ জানুৱাৰী, ২০২৩ তাৰিখৰ এক শুনানীত সুদীৰ্ঘ দুবছৰৰ বিৰতিৰ পাছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণসহ পুনঃসংস্থাপনৰ বিষয়টো স্পষ্ট কৰি দিলে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দুমাহৰ ভিতৰত ক্ষতিপূৰণৰ বিষয়টো নিষ্পত্তি কৰিবলৈ এন জি টিক দায়িত্ব দিছে। লগতে এন জি টিক পাৰিপাৰ্শ্বিক দিশটোৰ পুনৰুদ্ধাৰ প্ৰতিও দৃষ্টি নিক্ষেপৰ পৰামৰ্শ দিছে। উল্লেখ্য যে দীৰ্ঘদিনৰ মূৰত বাঘজান আৰু নতুন ৰঙাগড়া বাসী ৰাইজে আশাৰ ৰেঙণি দিখিবলৈ পাইছে। প্ৰসঙ্গত উল্লেখ্য যে কলকাতাৰ এগৰাকী পৰিৱেশকৰ্মী বনানী কাক্কাৰৰ বাঘজান আৰু দাঁ‌তি কাষৰীয়া অঞ্চলৰ পৰিৱেশ পুনৰুদ্ধাৰ সম্পৰ্কীয় এন জি টিক দিয়া এটা গোচৰৰ বিপৰীতে তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ ৫ নং তেল-গেছৰ খাদত সংঘটিত অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ৰাইজৰ হৈ পৰিৱেশ কৰ্মী মনোজ হাজৰিকা আৰু নিৰন্ত গোহাঁইয়ে ২০২১ বৰ্ষৰ অক্টোবৰ মাহতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি হস্তক্ষেপ মূলক  আৱেদন দাখিল কৰিছিল। পুনতে এন জি টিয়ে বাঘজান বাসীৰ এক গোচৰ খাৰিজ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ত তৰা এক গোচৰে সুখবৰটো কঢ়িয়াই আনিকে। উল্লেখ্য যে যোৱা ২৭ মে', ২০২০ তাৰিখে প্ৰায় ১০-৩০ বজাত বাঘজানৰ ৫ নং খাদটোত 'ৱৰ্ক অভাৰ'ৰ কাম চলি থকাৰ সময়তে 'ব্ল'আউট প্ৰিভেণ্টাৰ' ওফৰাই এটা বিকট শব্দৰে আৰম্ভ হয় প্ৰাকৃতিক গেছসহ কণ্ডেনছেটৰ নিৰ্গমন। ৱৰ্ক অভাৰ কামৰ ঠিকা লাভ কৰা বহিঃৰাজ্যৰ ব্যক্তিগত কোম্পানী মেছাৰ্ছ জ'ন এনাৰ্জী আৰু অইল ইণ্ডিয়া লিমিটেডৰ তদাৰকী বিষয়াৰ গাফিলটিৰ বাবেই ব্ল'আউটৰ ঘটনাৰ সূত্ৰপাত হোৱা বুলি পৰৱৰ্তী কালত প্ৰমাণিত হৈছিল। ১৫ নৱেম্বৰ, ২০২০ তাৰিখে অভিশপ্ত খাদটো 'কিল্ড' কৰিবলৈ সক্ষম হোৱাৰ লগে লগে সুদীৰ্ঘ ১৭২ দিনীয়া উত্তেজনাৰ অন্ত পৰে।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূঢ়ৰ তিনিজনীয়া বিচাৰ পিঠৰ উপৰি আইনী পৰামৰ্শদাতা বিক্ৰম ৰাজখোৱাকো ধন্যবাদ জ্ঞাপন কৰিছে পৰিৱেশ কৰ্মী দুগৰাকীৰ লগতে সমগ্ৰ গাঁ‌ওবাসীয়ে। উল্লেখ্য যে বাঘজান কাণ্ডৰ বাবে দায়ী বুলি ভৱা সংশ্লিষ্ট পক্ষ সমূহৰ বিৰুদ্ধে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীকে ধৰি কেইবাটা পক্ষই বাঘজান, তিনিচুকীয়া সদৰ থানা আদিত অপৰাধমূলক গোচৰ ৰুজু কৰাৰ সমান্তৰালকৈ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠন কিম্বা পৰিৱেশ কৰ্মীবিশেষে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ৰ ওচৰত ভিন্ন ভিন্ন বিষয়ত ভিন্ন পক্ষৰ বিৰুদ্ধে গোচৰ তৰে। উক্ত গোচৰ সমূহৰ ভিতৰত পৰিৱেশ কৰ্মী বনানী কাক্কাৰ বনাম অইল ইণ্ডিয়া লিমিটেড (আৰু অন্যান্য), ৱাইল্ড লাইফ এণ্ড এনভাইৰণমেণ্ট ক'নজাৰ্ভেচন অৰগেনাইজেচন (ৱেক') বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য), পৰিৱেশ কৰ্মী বিমল গগৈ আৰু মৃদুপৱন ফুকন বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য) আৰু পৰিৱেশকৰ্মী ক্ৰমে সোণেশ্বৰ নৰহ, সমুদ্ৰজিৎ গোঁহাই আৰু আফ্ৰিন ৰহমান বনাম অইল ইণ্ডিয়া লিমিটেড (আৰু অন্যান্য) অন্যতম আছিল।

No comments