Breaking News

ৰাজনৈতিক মুনাফা লাভৰ তাগিদাত উৎপাদনৰ লগত জড়িত নথকা হিতাধিকাৰী আঁচনিৰ নামত বছৰি হেজাৰ হেজাৰ কোটি টকা ব্যয়

 


ডিজিটেল ডেস্ক:ৰাজনৈতিক মুনাফা লাভৰ তাগিদাত উৎপাদনৰ লগত জড়িত নথকা হিতাধিকাৰী আঁচনিৰ নামত বছৰি হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰি অহা ৰাজ্য চৰকাৰে কেগৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই অৱশেষত অনুৎপাদনমূলক ৰাজহ ব্যয় কৰ্তন কৰাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে । আগত ২০২৩-২৪ বৰ্ষৰ বাজেট প্রস্তাৱ দাখিলৰ বেলিকা চৰকাৰী প্ৰতিটো বিভাগক অনুৎপাদনমূলক শিতানৰ ব্যয় এৰাই চলি বাস্তৱসন্মত বাজেট দাখিলত অগ্রাধিকাৰ দিবলৈ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাইকঠোৰ নিৰ্দেশ জাৰি কৰিছে । সেইমর্মে এইবাৰ বিভাগীয় বাজেট প্রস্তাব যুগুতোৱাৰ ক্ষেত্ৰত বিভাগীয় সঞ্চালকালয় বা প্রশাসনীয় বিভাগসমূহৰ বিত্তীয় গাণনিক বিষয়াসকলৰ উপৰি অতিৰিক্ত মুখ্য সচিব , প্রধান সচিব , আয়ুক্ত - সচিব আৰু সচিবসকলে চোকা নজৰ ৰাখিব লাগিব । যোৱা ২১ জানুৱাৰীত এই নির্দেশনা জাৰি কৰা হৈছে । উল্লেখ্য যে ৰাজ্যৰ বৰ্ধিত ঋণৰ বোজাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্রতিবেদনত অনুৎপাদনমূলক শিতানৰ বায় হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰক বাৰম্বাৰ সকীয়নি দি আহিছে যদিও চৰকাৰে অৰুণোদয়কে ধৰি অন্যান্য ভালেমান হিতাধিকাৰী আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে সন্ত্বীয়া জনপ্রিয়তা আৰু ভোট লাভৰ তাগিদাত অনুৎপাদনমূলক বায়তহে অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছিল । কিন্তু এইবাৰ আগত বাজেট দাখিলৰ পূৰ্বে ৰাজ্যৰ বিত্ত বিভাগে অনুৎপাদনমূলক ৰাজহ ব্যয় কৰ্তন কৰিহে চৰকাৰী বিভাগসমূহক বাজেট প্রস্তাৱ দাখিলৰ নিৰ্দেশ দিয়া ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে । মন কৰিবলগীয়া যে প্ৰতিটো বিত্তীয় বৰ্ষতে হিতাধিকাৰীজনিত অনুৎপাদনমূলক ব্যয় বৃদ্ধিৰ তুলনাত মূলধনী ব্যয় হ্রাস পোৱাক লৈও কেগৰ তৰফৰ পৰা গভীৰ উদ্বেগ প্রকাশ কৰি আন্তঃগাঁথনিমূলক শিতানৰ ব্যয় বৃদ্ধিতহে অগ্ৰাধিকাৰ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল । সেইমর্মেই এইবাৰ বাজেট প্রস্তুতৰ বেলিকা বিত্ত বিভাগে ৰাজহ আহৰণ আৰু ব্যয়ৰ লগত সামঞ্জস্য ৰক্ষা কৰিহে প্ৰভাৱ যুগুতাবলৈ চৰকাৰী প্ৰতিটো বিভাগক গাইডলাইন দিয়া হৈছে । পূর্বে বিভাগীয় দুই - এগৰাকী বিষয়াই বাজেট প্ৰস্তাৱ যুগুতোৱাৰ দায়িত্বত ন্যক্ত আছিল যদিও লক্ষণীয়ভা  েএই বাৰ বিভাগীয় সঞ্চালকালয় , প্রশাসনীয় বিভাগৰ জ্যেষ্ঠ বিত্তীয় গাণনিক উপদেষ্টা , বিত্তীয় গাণনিক বিষয়াবৰ্গৰ ন'ডেল অফিচাৰ হিচাপে দায়িত্ব ন্যস্ত কৰিহে বিভাগীয় বাজেট প্রস্তাব প্রস্তুত কৰিব লাগিব । আনহাতে বিভাগীয় অতিৰিক্ত ’ মুখ্য সচিব , প্রধান সচিব , আয়ুক্ত - সচিব আৰু সচিবসকলে তন্নতন্নকৈ প্ৰস্তাৱসমূহ পৰীক্ষা কৰাৰ লগতে প্ৰাপ্তি আৰু ব্যয়ৰ মাজত সামঞ্জস্য কৰিব লাগিব । বিত্ত বিভাগৰ নিৰ্দেশনামর্শে বিভাগীয় সঞ্চালকালয়সমূহে অহা ৩০ জানুৱাৰীৰ ভিতৰত প্ৰশাসনীয় বিভাগসমূহত বাজেট প্রস্তাৱ দাখিল কৰিব লাগিব আৰু প্ৰশাসনীয় বিভাগসমূহে অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত সেই প্রস্তাৱ বিত্ত বিভাগত দাখিল কৰিব লাগিব । নির্দিষ্ট সময়সীমাৰ ভিতৰত কোনো বিভাগে বাজেট প্রস্তা দাখিল কৰিব নোৱাৰিলে বিত্ত বিভাগে ২০২২-২৩ বৰ্ষৰ বাজেটখনকে আধাৰ হিচাপে ব্যৱহাৰ কৰিব আৰু পৰৱৰ্তী সময়ত বিভাগীয় কোনো সংশোধনী প্রস্তাব মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিছে । উল্লেখ্য যে বাজেট প্রস্তাৱ দাখিলৰ বেলিকা এইবাৰ চৰকাৰী বিভাগসমূহক মুঠ ৩৪ টা গাইডলাইন নিৰ্দিষ্ট কৰি দিয়া হৈছে । পোন প্ৰথমবাৰৰ বাবে ৰাজ্যত গ্রীন বাজেট প্রস্তুতৰ ওপৰতো অগ্রাধিকাৰ দিয়া হৈছে । সেইমর্মে চৰকাৰী বিভাগসমূহে পৰিবেশ প্ৰদূষণ , জলবায়ু পৰিবৰ্তন আদি দিশসমূহ সামৰি বাজেট প্রস্তাবত মনোযোগ দিব লাগিব । এইবাৰ বিভাগসমূহক নির্দিষ্ট কেতবোৰ তথ্য সুকীয়াকৈ দাখিল কৰাটোও বাধ্যতামূলক কৰা হৈছে । যেনে— যোৱা 2021-22 আৰু 2022-23 বৰ্ষৰ বাজেট ভাষণৰ কিমান ৰূপায়ণ হ'ল , কৰ ৰাজহ অনা - কৰ ৰাজহৰ তথ্য - পাতি আৰু ভৱিষ্যতৰ কৰ্মপৰিকল্পনা , প্ৰতিটো শিতানৰ বিপৰীতে তিনিমহীয়া ব্যয়ৰ পৰিকল্পনা দাখিল কৰিব লাগিব ।  

No comments