Breaking News

জি-২০ সম্মিলন শুৱালকুছিৰ বস্ত্রশিল্প পর্যবেক্ষণ কৰিব প্রতিনিধিয়ে


ডিজিটেল ডেস্ক: 
জি-২০ সন্মিলনৰ অংশস্বৰূপে ৬ আৰু ৭ ফেব্ৰুৱাৰীত গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব পাঁচখন বৈঠক৷ এই বৈঠকত জি-২০ সদস্য ৰাষ্ট্ৰ ভাৰতৰ উপৰি আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, মার্কিন যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ব্রাজিল,কানাডা, চীন, ইউৰোপিয়ান ইউনিয়ন, ফ্রান্স, জার্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেস্কিকো, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্রিকা, তুস্ক, স্পেইন, কেনিয়া আৰু দক্ষিণ কোৰিয়াই অংশ ল'ব। গুৱাহাটীৰ বৈঠকত অংশ ৰ ল'বলৈ বিভিন্ন দেশৰ পৰা আহিবলগীয়া ৪০-৫০ গৰাকী প্ৰতিনিধিক শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্ৰশিল্পক স্বচক্ষে ক. দেখুৱাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ এক সপোন আছিল শুৱালকুছিৰ পাট-মুগাৰ বস্ত্ৰক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য লৈয়ে জি-২০ যুৱ প্রতিনিধিসকলক শুৱালকুছিৰ পাৰ্ট-মুগা বস্ত্ৰ উৎপাদনৰ সকলোকেইটা স্তৰ (পলুৰ পৰা সুতা আৰু সূতাৰ পৰা কাপোৰ উৎপাদনলৈ) - দেখুৱালৈ এখন ডিছপ্লে' প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰি গুৱালকুছিৰ শিপিনীয়ে কাপোৰ উৎপাদন কৰা কার্যও প্রতিনিধিসকলক স্বচক্ষে দেখুওৱা হ'ব। বিশ্বত যাতে শুৱালকুছিৰ উৎপাদিত পাট-মুগাৰ বস্ত্ৰৰ আদৰ বাঢ়ে আৰু । শুৱালকুছিৰ শিল্পটোৱে যাতে এখন নতুন বজাৰ লাভ কৰি শিল্পটো চিৰযুগমীয়া কৰি ৰাখিব পাৰে, সেই উদ্দেশ্য - লৈয়ে জি-২০ সন্মিলনত অংশ লোৱা প্ৰতিনিধিসকলক শিল্পটো দেখুৱাবলৈ মুখ্যমন্ত্রীয়ে এক প্রচেষ্টা হাতত লৈছে। ইতিমধ্যে কামৰূপ জিলা প্ৰশাসন ইয়াক লৈ ব্যস্ত হৈ পৰিছে।মঙ্গলবাৰে শুৱালকুছিৰ লোকনিৰ্মাণ বিভাগৰ  পৰিদৰ্শন বঙলাত কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্পীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ, হাজোৰ চক্ৰ বিষয়া অপ্রতীম গোস্বামী, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শর্মা, শুৱালকুছিৰ শিপিনী, ব্যৱসায়ী, বিশিষ্ট নাগৰিক, ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, ৰেচম বিভাগ, সমবায় - প্ৰতিষ্ঠানৰ প্ৰতিনিধি, লোকনির্মাণ বিভাগ, শুৱালকুছি ফেশ্বন প্রযুক্তি প্ৰতিষ্ঠানৰ অধ্যক্ষ, বিদ্যুৎ বিভাগ আদিৰ প্রতিনিধিসকল উপস্থিত থাকে। সভাত বহিঃৰাষ্ট্রৰ প্ৰতিনিধিসকলে যাতে শুৱালকুছিত উপস্থিত হৈ সকলো পর্যবেক্ষণ কৰাৰ অন্তত সসম্মানে উভতি যাব পাৰে, তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। সভাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কর্তব্যৰত বিষয়াগৰাকীয়ে ,জিলা প্ৰশাসনৰ তৰফৰ পৰা শুৱালকুছিৰ বাট-পথ চিকুণাই তোলা হৈছে। চাৰিলেনযুক্ত পথটোৰ ডিভাইডাৰসমূহত - ক'লা আৰু বগা ৰং দিয়া হৈছে। শুৱালকুছিৰ পৰিদৰ্শন বঙলালৈ যোৱা পথটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। । শুৱালকুছিৰ বস্ত্ৰ উদ্যানৰ বিপৰীত দিশে এটা বৃহৎ পেণ্ডেল সাজু কৰা হৈছে। তাত তাতশিল্পৰ এখন প্ৰদৰ্শনী থকাৰ লগতে কেইবাখনো কাপোৰৰ ষ্টল থাকিব। আনহাতে, বহিঃৰাষ্ট্ৰৰ টকা সলনি কৰাৰো ব্যৱস্থা থাকিব। শুৱালকুছিবাসীৰ তৰফৰ পৰা প্ৰতিগৰাকী প্ৰতিনিধিক একোখনকৈ পাটৰ চেলেং চাদৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। শুৱালকুছিৰ ৰাইজে বিদেশী প্ৰতিনিধিসকলক সুন্দৰ ব্যৱহাৰ কৰি শুৱালকুছিৰ গৌৰৱ যাতে অক্ষুণ্ণ ৰাখে তাৰ বাবে . জিলা উপায়ুক্তগৰাকীয়ে বিশেষভাৱে অনুৰোধ জনায়। ৩১ জানুৱাৰী, ১ আৰু ২ ফ্ৰেব্ৰুৱাৰীত শুৱালকুছিলৈ প্রতিনিধিসকল আহিব। তেওঁলোকৰ লগত সংশ্লিষ্ট দেশৰ ৰাষ্ট্ৰদূতসকল থাকিব। ৰাষ্ট্ৰদূতসকলৰ জৰিয়তে । শুৱালকুছিৰ শিপিনীয়ে প্ৰতিনিধিসকলৰ লগত মত বিনিময় কৰিব পাৰিব। উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে প্রতিনিধিসকলে উত্তৰ গুৱাহাটীৰ আই আই টিলৈও যাব। জি-২০ সন্মিলনত অংশ ল'বলৈ অহা বিদেশৰ  প্রতিনিধিসকলে শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শনে শুৱালকুছিৰ বস্ত্ৰশিল্পলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে  বুলি ইয়াৰ শিপিনীসকলে মতামত ব্যক্ত কৰিছে। ইয়ে শিল্পটোৰ প্ৰসাৰ বৃদ্ধি কৰিব আৰু বিদেশী বজাৰ দখলৰ এক সুযোগ লাভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এনে প্ৰচেষ্টাই মৃত্যুমুখী বস্ত্রশিল্পক প্ৰাণৱম্ভ কৰি তুলিব  বুলি শুৱালকুছিৰ ৰাইজে আশা প্রকাশ কৰিছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক শুৱালকুছিৰ শিল্পীটোৰ লগত  জড়িতসকলে ধন্যবাদ জনাইছে। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পটোক ৰক্ষা কৰিবলৈ ছিংগাপুৰৰ মন্ত্ৰীৰ  লগতে এটা প্রতিনিধি দলক শুৱালকুছিলৈ আনি পাট-মুগাৰ বস্ত্ৰশিল্পক প্ৰত্যক্ষভাৱে দেখুৱাইছিল। যাৰ ফলত ছিংগাপুৰত গুৱালকুছিৰ বস্ত্ৰই আদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

No comments