Breaking News

অস্কাৰৰ মনোনয়নৰ পৰা বঞ্চিত হ'ল বহু চৰ্চিত ‘দ্য কাশ্মীৰ ফাইলছ'।

 


ডিজিটেল ডেস্ক:ভাৰতে চৰকাৰীভাৱে আৰ আৰ আৰ-ক চলিত বছৰৰ শ্রেষ্ঠ বিদেশী ছবিৰ অস্কাৰৰ মনোনয়নৰ বাবে প্ৰেৰণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে গুজৰাটী ছবি ‘চেলো শ্ব' বা ইংৰাজীলৈ অনুদিত 'লাষ্ট পিকচাৰ শ্ব' ফিল্ম ফেডাৰেচন অব ইণ্ডিয়াই সেই শাখালৈ প্ৰেৰণ কৰিলেও অস্কাৰৰ মনোনয়ন লাভৰ পৰা বঞ্চিত হ'ল। চূড়ান্ত মনোনয়নৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল চলিত বছৰৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয়ছবিৰ সন্মান লাভ কৰা গুজৰাটী ছবি চেলো শ্ব'। বঞ্চিত হ'ল বহু চৰ্চিত ‘দ্য কাশ্মীৰ ফাইলছ'। স্বয়ং প্রধানমন্ত্রী মোদীয়ে ছবিখন উপভোগ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দেশবাসীক এই ছবিখন চাবলৈ আহ্বান জনাইছিল । পৰৱৰ্তী সময়ত অসমকে ধৰি বিজেপিশাসিত বিভিন্ন ৰাজ্যত এই ছবিখন চোৱাৰ বাবে চৰকাৰে কৰ্মচাৰীক অর্ধছুটী, ছুটীপর্যন্ত দিছিল। অৱশ্যে আৰ আৰ আৰ-এ হতাশ নকৰিলে ভাৰতীয় অনুৰাগীক। আৰ আৰ আৰ-ৰ ‘নাটু নাটু’ গীতটোৱে এইবাৰৰ অকাডেমীৰ বঁটাৰ শ্ৰেষ্ঠ গীতৰ মনোনয়ন লাভ কৰিছে। আৰ আৰ আৰ-ৰ এই গীতটোৱে অলপতে গ'ল্ডেন গ্লোব বঁটা লাভ কৰিছিল। লেডী গাগা, ৰিহানা আদিৰ সংগীতক পৰাভূত কৰি গ'ল্ডেন গ্লোব লাভ কৰা নাটু নাটু গীতটোৱে এইবাৰৰ অস্কাৰ অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো গ'ল্ডেন গ্লোবত শ্ৰেষ্ঠ হোৱা ছবি  শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে সাধাৰণতে অস্কাৰো লাভ কৰে। নাটু নাটুৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম নহ'ব বুলিয়েই ভাৰতীয় অনুৰাগীৰ আশা ৷ ইপিনে, মঙলবাৰে ঘোষণা কৰা মনোনয়নত ভাৰতৰ ‘অল ডেট ব্রীডথে' শ্রেষ্ঠ ডকুমেণ্টৰী ছবিৰ শাখাত মনোনয়ন লাভ কৰিছে।  ‘দ্য এলিফেণ্ট হুইছপাৰ্ছে' লাভ কৰিছে শ্রেষ্ঠ চুটি তথ্য চিত্ৰৰ মনোনয়ন। প্রসংগত, অস্কাৰৰ ইতিহাসত এই পর্যন্ত ভাৰতৰ তিনিখন ছবি ক্ৰমে মাডাৰ ইণ্ডিয়া, ছালাম বম্বে আৰু লগানে শ্রেষ্ঠ বিদেশীৰ ছবি শিতানৰ মনোনয়ন লাভ কৰিছিল । অহা ১৩ মাৰ্চত চলিত বছৰৰ অকাডেমী বঁটা বা অস্কাৰ প্ৰদান কৰা হ'ব ।

No comments