Breaking News

অসমৰ তিনি বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান ।

 


ডিজিটেল ডেস্ক...দেশৰ ১০৬ জনলৈ পদ্মশ্রী সন্মান .....‘অসমৰ তিনি বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান পদ্ম ' চুতীয়া , হেমচন্দ্ৰ গোস্বামী আৰু ৰামকুইৱাংবেলৈ ‘ পদ্মশ্রী ’ সন্মান ‘ । দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্রণালযে দেশৰ ১০৬ জন ব্যক্তিলৈ ২০২৩ বৰ্ষৰ অসামৰিক পদ্ম সন্মান আগবঢ়াইছে । ইয়াৰ ভিতৰত অসমৰ আদর্শ শিপিনী হেমপ্রভা চুতীয়া , বিশিষ্ট মুখাশিল্পী হেমচন্দ্র গোস্বামী আৰু নগা সমাজকর্মী ৰামকুইৱাংবে জেনিলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান । অসমৰ এই তিনি বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ মুঠ ৯১ জন ব্যক্তিলৈ আগবঢ়াইছে পদ্মশ্রী সম্মান । উল্লেখ্য , মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালত গামোছাত গুণমালা , নামঘোষা , ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণৰ লগতে ইংৰাজীত ভাগবত গীতাৰ শ্লোক বৈ উলিয়াই অনন্য নিদর্শন দাঙি ধৰিছে । মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁৱৰ আদৰ্শ শিপিনীগৰাকীয়ে ২০১৩ বৰ্ষৰ পৰা ২০১৮ বৰ্ষলৈ তিনিখন ধর্মগ্রন্থক মুগাৰ সুতাৰে তাঁত শিল্পৰ জৰিয়তে বস্তুত দাঙি ধৰিছিল । আনহাতে , মাজুলীৰ মুখাশিল্পী হেমচন্দ্র গোস্বামীয়ে ইতিপূর্বে সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছে । মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী তথা শিক্ষক গোস্বামীয়ে গুৰুজনাৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে । ভাস্কর্য শিল্পী ড ° হেমচন্দ্ৰ গোস্বামীৰ শিল্পকর্মই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিছে । ইফালে ডিমা হাছাওৰ বিশিষ্ট নগা সমাজকর্মী ৰামকুইরাংবে জেমিয়ে হেৰাকা নামৰ নগা উপ - জাতিটোৰ ভাষা - সংস্কৃতি তথা শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছে । ৰামকুইৱাংবে জেমি নগা সমাজৰ এজন শীর্ষ নেতা আৰু কবি হিচাপেও পৰিচিত । তেওঁ ৰাণী গাইডালুৰ ব্যক্তিগত সচিব হিচাপেও কৰ্মৰত আছিল । উল্লেখ্য , এইবাৰ দেশৰ ৬ জন বিশিষ্ট ব্যক্তিলৈ পদ্ম বিভূষণ সম্মান আগবঢ়াইছে । ইয়াৰ ভিতৰত তিনিজনক মৰণোত্তৰ্ভাৱে এই সন্মান আগবঢ়োৱা হৈছে । অ ' আৰ এছৰ উদ্ভৱক পশ্চিম বংগৰ প্ৰখ্যাত চিকিৎসক দিলীপ মহালানাবিছলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষ্ণ সম্মান আগবঢ়োৱা হৈছে । ইয়াৰ উপৰি সমাজবাদী পাৰ্টীৰ প্ৰয়াত নেতা মুলায়ম সিং যাদৱ , বিশিষ্ট স্থপতিবিদ বাল কৃষ্ণ দোশী , মহাৰাষ্ট্ৰৰ প্ৰক্যাত তবলাবাদক জাকিৰ হুছেইন , কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এছ এম কৃষ্ণ আৰু আমেৰিকৰ বিশিষ্ট গণিতবিদ শ্রীনিবাস বর্ধনলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ সন্মান । আনহাতে , দেশৰ আন ৯ জন বিশিষ্ট ব্যক্তিলৈ পদ্ম ভূষণ সম্মান আগবঢ়োৱা হৈছে ।

No comments