Breaking News

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস আৰু আমাৰ কৰণীয় -


ড° বুলজিৎ   বুঢ়াগোহাঁই

        প্ৰতি বছৰে ২৫ জানুৱাৰীত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। পৰ্যটনৰ গুৰুত্ব আৰু ইয়াৰ সামাজিক, ৰাজনৈতিক, আৰ্থিক আৰু সাংস্কৃতিক মূল্যৰ ওপৰত বিশ্ব সমাজৰ মাজত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আমাৰ ৰাজ্যখনৰ পৰ্যটন ক্ষেত্রখনত বিকাশৰ সম্ভাৱনা বহু আছে । পৰ্যটন ক্ষেত্রখনৰ বিকাশত আমাৰ সকলোৰে কিছু কৰণীয় আছে । পৰ্যটনৰ ক্ষেত্রখনৰ বিকাশৰ বাবে চৰকাৰে লোৱা আঁচনিবোৰত আমি সহায়-সহযোগিতা কৰিলেহে এই আঁচনিবোৰ সফল হ’ব। ব্যক্তিগতভাৱেও আমি বিভিন্ন পদক্ষেপ গ্রহণ কৰিব পাৰো। আমাৰ ৰাজ্যখনৰ ছাত্র-ছাত্রীকে আদি কৰি বিভিন্ন বয়সৰ  কিছুলোক ভাৰতৰ বিভিন্ন ৰাজ্য তথা পৃথিৱীৰ বিভিন্ন ঠাইলৈ ফুৰিব যায় আৰু সেই  ঠাইবোৰত দর্শনীয় ঠাই , ঐতিহাসিক , ধর্মীয় আৰু নৈসর্গিক গুৰুত্বপূর্ণ  স্হানবোৰ দর্শন কৰে। ৰাজ্যখনৰ বাহিৰৰ ঠাইবোৰলৈ  ফুৰিব যোৱাৰ আগতে যদি সম্ভৱ অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা দর্শনীয় স্থানবোৰো পৰিভ্রমণ কৰা উচিত। আমি নিজও পৰিভ্রমণ কৰা অসমৰ বিভিন্ন ঠাই আৰু নিজৰ অঞ্চলত দর্শন কৰিবলগীয়া ঠাইবোৰৰ সবিশেষ - কি কাৰণে দর্শন কৰিবলগীয়া , কেনেকৈ  যাব পাৰি, ক’ত থাকিব পাৰি ইত্যাদি তথ্য তথ্য বাতৰি কাকত আৰু আলোচনী আদিৰ  লগতে ইণ্টাৰনেট মাধ্যমৰ  ছ’চিয়েল নেটৱর্কিং ছাইটবোৰৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিব পাৰো । সেইদৰে গুৰুত্বপূর্ণ স্থানবোৰৰ বিষয়ে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ লগতে যদি সম্ভৱ হয় বিদেশী ভাষাতো বর্ণনা দি ভিডিঅ’ৰেকর্ডিং কৰি ৱেবচাইটবোৰত (উদাহৰণস্বৰূপে-YouTube) আপলোড কৰিব পৰা যায় , যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাব পাৰে। এই দর্শন কৰিবলগীয়া ঠাইবোৰৰ প্রচাৰৰ বাবে উপযুক্ত মাধ্যম হ’ব পাৰে ব্ল’গ । ব্ল’গত ঠাইবোৰৰ সবিশেষ বর্ণনা কৰি ফটো সৈতে সংযোজন কৰিব পাৰি আৰু ইংৰাজী, হিন্দী উপৰি অসমীয়া লগতে পৃথিৱী বিভিন্ন ভাষাত লিখিবও পাৰি। এই ব্ল’গবোৰত অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত দর্শন কৰিবলগীয়া ঠাইবোৰৰ  সস্পকীয় প্রৱন্ধ  ফটো আৰু ভিডিঅ’ৰ সৈতে প্রকাশ কৰিব লাগে আৰু সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো দুশাৰিমান হ’লেও লিখিব লাগে। তাৰ ফলত আমাৰ ৰাজ্যখনৰ লগতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে সেই  দর্শন কৰিবলগীয়া ঠাইবোৰৰ বিষয়ে আভাষ পাবলৈ সক্ষম হ’ব । তেতিয়া সেই  ঠাইবোৰৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব আৰু হয়তো বহুতে সেই ঠাইবোৰৰ সামাজিক, সাংস্কৃতিক তথা ভৌগলিক অৱস্থিতিৰ  বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব। সেইদৰে ঠাইবোৰৰ প্রতি আর্কষিত হৈ দেশী-বিদেশী পর্যটকৰ আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিকভাৱে লাভবান হ’ব....আমাৰ ৰাজ্যখনলে দেশী-বিদেশী  বহুসংখ্যক  পর্যটক বছৰৰ বিভিন্ন সময়ত  আহে। এতিয়া কথা হ’ল বিদেশী পর্যটকৰ বহুতে হিন্দী বা ইংৰাজী ভাষা নাজানে বা বুজি নাপায়। গতিকে , এই সমস্যাটি সমাধান কৰিবলৈ গাইডসকলৰ বাহিৰেও যদি সম্ভৱ হয়  আমাৰ ৰাজ্যখনৰ ট্রেভেল এজেণ্টৰ পৰা হোটেলৰ কর্মচাৰীলৈকে মুঠতে পর্যটকসকলে যিসকলৰ লগত কথা পাতিব লগা হয়, তেওঁলোকক যিমান পাৰি দেশী-বিদেশী ভাষাসমূহৰ কমেও দৈনন্দিন কথা-বতৰাত লগাখিনি উপৰি অসম আৰু অসমৰ পর্যটন স্থানবোৰ বিষয়ে ক’ব পৰাকৈ শিকিব লাগে । দেশী-বিদেশী পর্যটকসকলে নিজৰ ভাষাত কথা পাতিবলে পালে ভাল পাব আৰু ইয়াৰ ফলত আমাৰ ৰাজ্যখনলে অহা বিদেশী পর্যটকৰ সংখ্যা বাঢ়িব । তাৰ ফলত আমাৰ ৰাজ্যখন কিছু পৰিমাণে হ’লেও অৰ্থনৈতিকভাৱে লাভৱান হ’ব , লগতে নিবনুৱা সমস্যা অলপ হ’লে কমিব বুলি আশা কৰিব পাৰি । দেশী- বিদেশী ভাষাসমূহৰ শিকোৱা ক্ষেত্রত চৰকাৰী অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠান তথা স্বেচ্ছাসেৱী অনুষ্ঠান অনুষ্ঠানসমূহে ভাগ ল’ব পাৰে । তদুপৰি এই বিষয়ত সজাগতা আনিবৰ কাৰণে ছ’চিয়েল নেটৱৰ্কিং ছাইটত অসমৰ হকে কাম কৰি থকা গোটবোৰ আগবাঢ়ি আহিলে ভাল হয় । এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দেশ-বিদেশৰ বিভিন্ন ঠাইত বাস কৰি থকা প্রবাসী অসমীয়াসকলে দেশী-বিদেশী ভাষাসমূহ শিকোৱাত বিশেষ সহায় কৰিব পাৰে । প্রবাসী অসমীয়াসকলে তেওঁলোকৰ মাতৃভূমিৰ প্রতি থকা দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰো এটা বিৰল সুযোগ ইয়াৰ জৰিয়তেই পাব । শেষত , এটা কথা ক’ব বিচাৰিছো যে ‘ৰাষ্ট্ৰীয় পৰ্যটন দিৱস' পালনৰ দিনা এই বিষয়ে আলোচনা কৰাৰ সলনি বছৰৰ সকলো সময়তে আলোচনা কৰি পৰ্যটনৰ বিকাশৰ বাবে লোৱা আঁচনিবোৰ কাৰ্যকৰী কৰাত সকলোৱে হাতে-কামে লাগিবলৈ আগবাঢ়ি অহা উচিত।



No comments