Breaking News

পুৰুষকো চেৰ পেলাবলৈ সক্ষম হৈছে নাৰীয়ে

 


ডিজিটেল ডেস্ক:পুৰুষকো চেৰ পেলাবলৈ সক্ষম হৈছে নাৰীয়ে ।ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰত পিতৃ অথবা স্বামীয়ে স্থাপন কৰা ব্যৱসায়ৰ দায়িত্ব বহন কৰিছে যথেষ্টসংখ্যক মহিলাই ১৮ বছৰৰ তথ্যক লৈ প্ৰকাশ পোৱা ' বিজনেছ টুডে'ৰ এক সমীক্ষামতে ভাৰতৰ ২৪ শতাংশ পৰিয়ালকেন্দ্রিক ব্যৱসায়  পৰিচালনা কৰি আছে নাৰীয়ে ।  পিতৃৰদ্বাৰা প্রতিষ্ঠা কৰা বাণিজ্যিক প্রতিষ্ঠানৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব বহন কৰিছে ৭৬ শতাংশ মহিলাই । ইয়াৰ বিপৰীতে স্বামীৰ ব্যৱসায়ৰ দায়িত্ব বহন কৰি আছে ২৪ শতাংশ নাৰীয়ে । ভাৰতৰ অন্যতম দ্বিতীয় ধনী ব্যক্তি মুকেশ আম্বানিৰ কন্যা ঈশা আঘানিয়ে ২০১৪ চনত বিলায়েন্স জিঅ ' আৰু বিলায়েন্স ৰিটেইল প্রতিষ্ঠান দুটাত যোগদান কৰিছিল । বিশ্বৰ তৃতীয় স্থানৰ দ্ৰুতবিকশিত খচৰা ব্যৱসায়ৰ প্রতিষ্ঠান ৰিলায়েন্স ৰিটেইলৰ এই উত্থানৰ মূলতে আছে ঈশা আম্বানিৰ বিচক্ষণ নেতৃত্ব । ঈশা আম্বানির দৰেই গড়ৰেজ প্রতিষ্ঠানটোৰ ব্যৱসায়ৰ গুৰুদায়িত্ব বহন কৰিছে আদি গড়বেজৰ কন্যা নিচাবা গড়ৰেজে । তেওঁৰ নেতৃত্বত গডজে কনজিউমাৰ লিমিটেডৰ বাৰ্ষিক লাভৰ পৰিমাণ ১৮ শতাংশ বৃদ্ধি পাইছে । নিচাবা হৈছে গডৰেজ গ্ৰুপৰ অধ্যক্ষ আদি গডৰেজৰ দ্বিতীয় কন্যা । তেওঁ ৰিয়েল ইষ্টেট ব্যবসায়ী করেছে মেহতাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল । ২০২০ চনৰ জুলাইত এইচ চি এল প্রতিষ্ঠানটোৰ অধ্যক্ষৰ পদবী গ্ৰহণ কৰিছিল শিৱ নাডাৰৰ কন্যা ৰোশনি নাড়াৰে । ৰোশনিব নেতৃত্বত প্রতিষ্ঠানটোৰ লাভৰ পৰিমাণ প্রায় ১,০০০ কোটি টকা বৃদ্ধি পায় । ২০২০ চনত ফৰ্বছে প্ৰকাশ কৰি উলিওৱা শক্তিশালী মহিলাৰ তালিকাত ৰশ্মিয়ে ৫৫ সংখ্যক স্থান লাভ কৰিছে । ভাৰতৰ তৃতীয় বৃহৎ ফার্মাচিউটিকেল প্রতিষ্ঠান লিউপিন ফাৰ্মাৰ নেতৃত্ব ২০১৩ ছেপ্টেম্বৰত লাভ কৰিছিল বিনীতা গুপ্তাই । বিনীতা হৈছে লিউপিনৰ প্ৰতিষ্ঠাপক দেশবন্ধু গুপ্তাৰ কন্যা । বিনীতাৰ নেতৃত্বত প্রতিষ্ঠানটোৰ ব্যৱসায়ৰ পৰিসৰ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে । ১৯৬৮ চনত লিউপিন প্রতিষ্ঠা কৰা দেশবন্ধু গুপ্তাৰ প্ৰথম কন্যা হৈছে বিনীতা ।

No comments