Breaking News

ম্যানমাৰৰ শিবিৰৰ পৰা দেশৰ ভূমিলৈ ওলাই আহিল কমতাপুৰ এল অ'ৰ মুৰব্বী জীৱন সিংহ।

 


ডিজিটেল ডেস্ক:ম্যানমাৰৰ সীমান্তৱৰ্তী মন জিলাত প্ৰৱেশ কৰি তাৰ পৰা অসমলৈ উভতিছে সশস্ত্র বিপ্লৱী জীৱন সিংহ। কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইংগিত দিয়া বুলি চৰ্চাচলি থকাৰ মাজতেই সংগঠনটোৰ মুৰব্বীজন দেশৰ ভূমিলৈ ওলাই  আহিল কেৱল জীবন সিংহই নহয়, তেওঁৰ সৈতে সংগঠনটোৰ ৭/৮জনীয়া দল এটাও আহিছে। ম্যানমাৰ সীমান্তৰ পৰা আহি নগালেণ্ডত প্ৰৱেশ কৰাৰ লগে লগে সশস্ত্ৰ সংগঠনটোৰ মুৰব্বী সিংহক আলোচনাৰ মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱে আদৰি আনে। পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত জীৱন সিংহৰ নেতৃত্বত কে এল অ'ৱে ১৯৯৫ চনৰ পৰাই সশস্ত্ৰ বিপ্লৱ চলাই আহিছে।  এই সুদীর্ঘ সময়ছোৱাত কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে জীৱন সিংহক মূল সুঁতিলৈ ওভোটাই, অনাৰ বাবে কেইবাবাৰো চেষ্টা চলাই সফল হ'ব পৰা নাছিল। কিন্তু শেহতীয়াকৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ দ্বিতীয়খন চৰকাৰৰ কার্যকালত গৃহ মন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত কে এল অ'ৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। অহা ২৬ জানুৱাৰী বা তাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সম্ভাৱনাও আছে। সেয়ে আলোচনাৰ, বাবে কে এ অ'ৱে নিয়োগ কৰা মধ্যস্থতাকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত অংশ লৈ বিষয়টো আগুৱাই নিয়াৰ সম্ভাৱনা। মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনাই চূড়ান্ত আলোচনাৰ পোষকতা কৰি অহাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কোঁচ-ৰাজবংশীৰ কেইবাটাও সংগঠনে বিষয়টোক লৈ আদৰণি জনাইছিল আৰু এতিয়া স্বয়ং সশস্ত্ৰ সংগঠনটোৰ মুৰব্বীজনেই আলোচনাৰ বাবে আগবাঢ়ি আহিল। জীবন সিংহৰ এই আগমনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে কমতাপুৰ ঘোষণা হোৱাৰ সম্ভাৱনা আছে। যদিও কে এল অ' বা কোঁচ-ৰাজবংশীৰ আন সংগঠনসমূহে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছে, কাৰ্যতঃ পৃথক ৰাজ্যৰ পৰিবৰ্তে কেন্দ্ৰীয় শাসিত ৰাজ্য হ'ব পাৰে কমতাপুৰ। এই প্ৰসংগত অহা ২৬ জানুৱাৰী বা তাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সম্ভাৱনাও আছে। সেয়ে আলোচনাৰ, বাবে কে এ অ'ৱে নিয়োগ কৰা মধ্যস্থতাকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত অংশ লৈ বিষয়টো আগুৱাই নিয়াৰ সম্ভাৱনা। মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনাই চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ পাছত সংগঠনটোৰ মুৰব্বী জীবন সিংহই প্রত্যক্ষভাৱে অংশগ্ৰহণ কৰি চুক্তিত স্বাক্ষৰ কৰিব। জীৱন সিংহই নিজ দেশৰ ভূমিত উপস্থিত হৈয়ো প্ৰত্যক্ষ আলোচনাৰ পৰা কিছু ব্যৱধান ৰাখি চলিব  কমতাপুৰ ৰাজ্য গঠন হোৱাৰ লগে লগে নামনি অসমৰ কিছু অংশ অন্তর্ভুক্ত হোৱাটো নিশ্চিত।



No comments