Breaking News

অৰ্ণমাই বৰাৰ হত্যাৰ গোচৰক লৈ অসন্তুষ্ট প্ৰাক্তন আৰক্ষী বিষয়া ভায়’লেট বৰুৱা’



অৰ্ণমাই বৰাৰ হত্যাৰ গোচৰক লৈ অসন্তুষ্ট প্ৰাক্তন আৰক্ষী বিষয়া ভায়’লেট বৰুৱা’।  এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত জৰিয়তে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে। 

এই সন্দৰ্ভত ছচিয়েল মিডিয়াযোগে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন আৰক্ষী বিষয়া ভায়’লেট বৰুৱাই। ছচিয়েল মিডিয়াত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে লিখিছে – 

‘‘অৰ্ণমাই বৰা হত্যা গোচৰৰ দোষীয়ে শাস্তিৰ পৰা ৰেহাই পালে। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সঠিক প্ৰমাণৰ অভাবত দোষীক বলৎকাৰ আৰু হত্যাৰ দোষৰ পৰা মুক্ত বুলি আদেশ দিছে। এতিয়া কথা হ’ল, পুলিচে ঘটনাৰ পিচদিনাই ক্ষিপ্ৰতাৰে (?) দোষীক ধৰি অতি সোনকালে তদন্ত সামৰি (সঠিক ভাবে নে?) প্ৰতিবদন দাখিল কৰিলে আৰু আদালতেও অতি কম দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া শেষ কৰি দোষীক শাস্তিৰ আদেশ দিলে। ইয়াকে লৈ পুলিচ মহলত আনন্দৰ হৈ চৈ লগাৰ ওপৰিও কেইজন মান পুলিচ বিষয়াই এই সুযোগতে আকৌ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰষ্কাৰ পৰ্যন্ত আজুৰি আনিলে।এতিয়া পিচে কি হব? ৰাইজৰ প্ৰচণ্ড ক্ষোভ প্ৰসমিত কৰিবলৈকে এইয়া কৰা হৈছিল নেকি।বিয়াগোম পুলিচ বিষয়া, বিয়াগোম CID বিভাগ আদি থাকোতে এনে হব পায় নে? কেচ এটা যদি পুলিচ তদন্তৰ গাফিলতিৰ বাবে দোষীয়ে আদালতত নিৰ্দোষী বুলি ৰেহায় বা মুক্তি পায় তেনে ক্ষেত্ৰত তদন্তকাৰী পুলিচ বিষয়াই শাস্তিৰ সন্মুখিন হ’ব লাগে, পুলিচৰ নিয়ম অনুসৰি।পালমৰা তদন্ত, আদালতত সঠিক প্ৰমাণ দাখিলত ব্যৰ্থ, পুৰষ্কাৰ, পুলিচ বিষয়াৰ শাস্তি, ইত্যাদিবোৰ বাদ দিলো বাৰু, কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ কি হ’ব, ন্যায় কেনেকৈ পাব? নে পুলিচ বিভাগটোৱে appeal ৰ বাবে ব্যৱস্হা কৰিব, যদি সৎ সাহস আছে।ৰাইজৰ জনাৰ অধিকাৰ আছে।ৰাজকীয় সাজ পাৰ পিন্ধাই বুকুৱে পিঠিয়ে মাদলী আৰিবলৈ ৰাইজে এনেয়ে পোহ পাল দি ৰখা নাই নহয়।’’

No comments