Breaking News

৪ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হ'ব জি -২০ ৰ প্ৰতিনিধি দল

 


ডিজিটেল ডেস্ক:..প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ২০২২-২৩ বৰ্ষৰ জি -২০ ৰ সভাপতিৰ দায়িত্ব শেহতীয়াকৈ গ্ৰহণৰ পিচতেই অহা ৪ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হ'ব জি -২০ ৰ প্ৰতিনিধি দল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ উদ্দেশ্যে আহিবলগীয়া প্রতিনিধি দলটোক আদৰিবৰ বাবে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ লগতে গোলাঘাট জিলা প্রশাসনে । জি -২০ ৰ প্রতিনিধিসকলক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন সম্বন্ধীয় বিষয়বোৰত যাতে কোনোধৰণৰ ত্রুটি নাথাকে তাৰ বাবেই সোমবাৰে বিয়লি এখন সভা অনুষ্ঠিত হয় । কাজিৰঙা বন বিভাগৰ সভাকক্ষত অনুষ্ঠিত সভাত বোকাখাতৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা , ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ , গোলাঘাটৰ উপায়ুক্ত পি উদয় প্রবীণ ,আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰ , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্র শর্মা , ডি এফ অ ' ৰমেশ কুমাৰ গগৈ উপস্থিত থাকে ।  দলটোক কাজিৰঙাৰ কঁহৰা , বাগৰি আৰু অগৰাতলী বনাঞ্চল দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰা হ'ব । জি -২০ প্রতিনিধিসকলৰ কাজিৰঙা দর্শনে কাজিৰঙা পর্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি কয় প্রধান মুখ্য সংৰক্ষক গৰাকীয়ে...

No comments