Breaking News

নুমলীগড় শোধনাগাৰ অসম বায়' ৰিফাইনেৰী প্ৰায়ভেট লিমিটেড সংঘটিত হয় এক দুর্ঘটনা।


ডিজিটেল ডেস্ক:
কমল উদ্দিন ইছলাম নামৰ শ্ৰমিকজন দুর্ঘটনা গুৰুতৰভাৱে আহত হয় মঙ্গলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। টুৱামন ইঞ্জিনীয়াৰিঙৰ শ্রমিকগৰাকীৰ মৃত্যুক লৈ শোকস্তব্ধ হৈ পৰে শোধনাগাৰটো। শ্রমিকগৰাকীৰ কৰ্মৰত কোম্পানীটোৰ চূড়ান্ত দায়িত্বহীনতা, অদূৰদৰ্শী নীতি আৰু সুৰক্ষা ব্যৱস্থা সঠিক নোহোৱাৰ বাবেই এই কৰুণ মৃত্যুক সাৱটি ল'বলগা হোৱা বুলি অভিযোগ উত্থাপন হৈছে। নিহত শ্রমিকগৰাকীৰ সোঁৱৰণত আজি এ বি আৰ পি এলৰ মুখ্যদ্বাৰত অসম বায়' ৰিফাইনেৰী নিৰ্মাণ শ্রমিক ইউনিয়নৰ উদ্যোগত এখন শোকসভা অনুষ্ঠিত হয়। ইউনিয়নৰ সম্পাদক অনিৰুদ্ধ কৰ্মকাৰে আঁত ধৰা শোকসভাত শ্রমিক নেতা ধ্ৰুৱজ্যোতি বৰা, এ বি আৰ পি এলৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপ কুমাৰ বৰুৱাকে ধৰি প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। সহস্রাধিক শ্রমিকে অংশগ্ৰহণ কৰা শোকসভাত শ্রমিক ইউনিয়নে আইন অনুসৰি মৃত্যু হোৱা শ্রমিকগৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ  আৰু  লগতে বায়' ৰিফাইনেৰীৰ তৰফৰ পৰা এককালীন সাহায্য আৰু পৰিয়ালৰ সদস্যক শোধনাগাৰটোতে স্থায়ী সংস্থাপন হোৱাৰ বাবে দাবী জনায়। শ্রমিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰা শোধনাগাৰটোৰ সকলো শ্রমিকে আজি কৰ্মবিৰতি পালন কৰে।  বায়' ৰিফাইনেৰীৰ নিৰ্মীয়মাণ প্ৰকল্পৰ নিবিদা লাভ কৰা টুৱামন ইঞ্জিনীয়াৰিং কোম্পানীৰ অধীনত উপ-ঠিকা লাভ কৰিছিল সঞ্জীৱ গগৈয়ে। শ্ৰমিকসকলৰ অভিযোগমতে এ বি আৰ পি এলৰ নিশা কাম কৰিবলৈ প্রয়োজন হোৱা অগ্নি আৰু সুৰক্ষা বিভাগৰ পৰা অনুমতি  গ্ৰহণ নকৰাকৈয়ে উপ- ঠিকাদাৰগৰাকীয়ে নিশা কাম অব্যাহত ৰাখিছিল। অগ্নি আৰু সুৰক্ষা বিভাগৰ বিষয়াৰ অনুপস্থিতিত প্রয়োজনীয় সুৰক্ষা সামগ্রী নোহোৱাকৈয়ে কাম কৰাৰ পৰিণতিতে শ্রমিকগৰাকীয়ে এনে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগা হ'ল বুলিও চৰ্চা প্ৰকাশ পাইছে।

No comments