Breaking News

কাজিৰঙাত ৰক্ষকেই ভক্ষকৰ ৰূপ লৈছে

 


ডিজিটেল ডেস্ক: 
দুষ্প্রাপ্য পিপলি চেঙৰ চোৰাং সৰবৰাহত খোদ, কাজিৰঙা বন বিভাগৰ লোক জড়িত থকাৰ তথ্য প্রকাশ পাইছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰকাৰী হাতী মাউত হিচাপে কঁহৰা বনাঞ্চলত কৰ্মৰত তিনি যুৱক এই দুষ্প্ৰাপ্য পিপলি চেং সৰবৰাহ কৰোতে হাতে-লোটে ধৰা পৰে।  বন বিভাগে নিজৰ বিভাগৰে পৰিমল পাত্ৰ, ৰঞ্জিত প্ৰধান আৰু চনু ঘাটোৱাল নামৰ তিনিওজন মাউতক গ্ৰেপ্তাৰ কৰে। কঁহৰা বনাঞ্চলৰ বন বিষয়া বিভূতিৰঞ্জন গগৈয়ে কয় যে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাজিৰঙা বন বিভাগে অভিযানৰ পৰিকল্পনা কৰা হয় আৰু পিপলি চেংখিনি দিবলৈ আহোতে বন বিভাগৰ কৰ্মী পৰিমল পাত্ৰ, ৰঞ্জিত প্ৰধান আৰু চনু ঘাটোৱালক বন বিভাগেই মিহিমুখৰ পৰা মঙ্গলবাৰে আটক কৰে।  লোককেইজনৰ পৰা ৫ টা পিপলি চেং উদ্ধাৰ কৰা হয়।  পিপলি চেং ক্ৰয় কৰিবলৈ দুজন লোক মটৰ চাইকেলত আহিছিল যদিও বন বিভাগৰ লোকক দেখি এ এছ-০৫ এছ-৬৭০৮ নম্বৰৰ মটৰ চাইকেলখন এৰি এই  বেপাৰীকেইজনে পলায়ন কৰে।  ধৃত তিনিওজনকে  গ্ৰেপ্তাৰ কৰি বোকাখাত আদালতত হাজিৰ কৰোৱাৰ পাচত পুনৰ সোধা-পোছাৰ বাবে তিনিওকে জিম্মাত লৈছে বন বিভাগে।    এই চোৰাং সৰবৰাহত জড়িত বাকীসকল লোকে বন বিভাগৰ জালত পৰিব বুলি বন বিষয়া গগৈয়ে প্রকাশ কৰে

No comments