Breaking News

মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে বাৰ্ষিক বন্যপ্রাণী নিৰীক্ষণৰ প্ৰক্ৰিয়া।


ডিজিটেল ডেস্ক:
 বাঘ গণনাৰ উন্নত ফলে এইবাৰ দুগুণ উৎসাহিত কৰিছে মানাহ কৰ্তৃপক্ষক। প্রথম সংযোজন পানবাৰীকে ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত এইবাৰ স্থাপন কৰা হৈছে ৪৭৮টা অধিক টেপ কেমেৰা । বাঘৰ বিচৰণৰ সম্ভাব্য এলেকাসমূহৰ প্ৰায় দুই বর্গকিল মিটাৰ ব্যৱধানত স্থাপন কৰা হৈছে এটাকৈ কেমেৰা ষ্টেছন। প্রথম সংযোজনকে ধৰি এনেদৰে সৰ্বমুঠ ৮৪০ বৰ্গকিল'মিটাৰ এলেকাত স্থাপন কৰা হৈছে উন্নত ফলৰ বাবে মানাহে ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। ভাৰত   চৰকাৰৰ নেশ্যনেল টাইগাৰ কনজার্ভেশন অথৰিটিয়ে বন্যপ্রাণী নিৰীক্ষণৰ বাবে কৰ্প'ৰেট ছ'চিয়েল ৰেছপনচিবিলিটি গ্রান্টৰ পৰা লাভ কৰা এক কোটি টকাৰ  বিগত বাঘ গণনাত মানাহত আশী লাখ টকাৰে এইবাৰ টেপ কেমেৰা ক্ৰয় কৰা হৈছে বুলি জানিবলৈ দিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্র সঞ্চালক ডা বৈভৱ চি মানুৰে। ইফালে প্ৰথমবাৰৰ বাবে এইবাৰ মানাহ কৰ্তৃপক্ষই নিজাববীয়াকৈ সম্পন্ন কৰিছে টেপ কেমেৰা স্থাপনৰ প্ৰক্ৰিয়া, অবশ্যে প্রথম সংযোজনত কেমেৰা স্থাপনত ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াই সহযোগ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক। কেমেৰা ট্ৰেপিঙৰ বাবে প্ৰশিক্ষণ আগবঢ়াইছিল মানাহৰ ফিল্ড বায় 'লজিষ্ট জ্যোতিস্মান ডেকা আৰু সহকাৰী কিন্তু  বায় 'লজিষ্ট মানাহৰ ক্ষেত্র সঞ্চালক ডা বৈভৱ চি মাথুৰ আৰু ৱাইল্ড লাইফ ইনষ্টিটিউট অব্ ইণ্ডিয়াৰ টাইগাৰ ছেলে। প্ৰাপ্তবয়স্ক আৰু ৮টা পোৱালিকে ধৰি ৬০টা বাঘৰ অৱস্থিতিৰ প্রামাণিক তথ্য পোৱা গৈছিল, যাৰ ভিতৰত নতুনকৈ কেমেৰাত আবদ্ধ হৈছিল ২৭টাকে বাঘ।  মানাহৰ ভূখণ্ড ভূটান প্ৰদেশৰ লগত সংযোজিত বাবে বিস্তীর্ণ এলেকাজুৰি চলে বাঘৰ বিচৰণ।  এইবাৰো ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধি পাব বুলিয়েই ধাৰণা কৰা হৈছে। ক্ষেত্র সঞ্চালক ডা মাথুনে জনোৱা অনুসৰি ট্ৰেপ কেমেৰাসমূহ প্রায় ৪৫দিনৰ পাছত উঠাই অনা হ'ব আৰু তথ্যগত বিশ্লেষণৰ অন্তত অহা মার্চ মাহত মানাহত ঢেঁকীয়াপতীয়া বাঘৰ শেহতীয়া অৱস্থিতি সম্পৰ্ভত ফল সদৰী হ'ব বুলি আশা কৰা হৈছে। এইবাৰ কেমেৰা ট্ৰেপিণ্ডৰ প্ৰক্ৰিয়াত মুঠ আঠটা দলে অংশগ্রহণ কৰিছিল। 

No comments