Breaking News

হাতত হাতুৰী - বতালী লৈ জনতা ভৱনৰ বি ব্লক ভঙাৰ কাম আৰম্ভ


 


ডিজিটেল ডেস্ক:দুদিনমান পূৰ্বৰ পৰাই মিস্ত্ৰীয়ে হাতত হাতুৰী - বতালী লৈ জনতা ভৱনৰ বি ব্লকৰ এটা অংশৰ ভঙাৰ কাম আৰম্ভ কৰিছে । জনতা ভৱনত হাতুৰীৰ কোব নতুন এটা ব্লকৰ নিৰ্মাণকার্য চলি আছে । জনতা ভৱনৰ সূত্ৰই জনোৱা মতে মুখ্যমন্ত্ৰীৰ বাবে ভঙা - গঢ়াৰ খেল...নৱনির্মিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখভাগ ‘ বি ’ ব্লকৰ এটা অংশ ঢাকি ৰখাত সম্প্রতি বি ব্লকৰ সেই অংশটোৰ ভঙাৰ কাম আৰম্ভ হৈছে । বি ব্লকৰ এই অংশটো ভাঙি দিলে নৱনিৰ্মিত মুখ্যমন্ত্ৰীৰ ব্লকৰ পৰা দূৰ দূৰলৈকে স্পষ্টভাৱে সকলো দেখা যাব ।মুখ্যমন্ত্ৰীৰ আবাসৰ পৰা নিচেই কাষতে হ’ব এই নৱনিৰ্মিত চি এম ব্লক.. ৰাজ্যিক কেবিনেটে অসম সচিবালয় ইতিমধ্যে জাগীৰোডলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে । কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰৰ চহৰ উন্নয়ন বিভাগে এখন জাননী জাৰি কৰি সাধাৰণ প্ৰশাসন বিভাগক এই সন্দৰ্ভত নিৰ্দেশ দিছে ।  জাননীত উল্লেখ কৰা হৈছে যে নগাঁও কাগজ কলৰ খালী ভূমিত এখন ছেটেলাইন টাউনশ্বীপৰ লগতে নৱনিৰ্মিত জনতা ভৱনৰ বাবেও পৰিকল্পনা যুগুত কৰিবলৈ ইতিমধ্যে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে ।গুৱাহাটী মহানগৰীৰ নদী পাৰ সৌন্দৰ্যবৰ্ধৰ আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পাণবজাৰৰ পানী টেংকীৰ পৰা কাছাৰীলৈকে অঞ্চলটোত থকা ডিচি অফিচ , ডিজিপিসহ পুলিচ অফিচাৰ কলনী , জিলা পৰিষদ জিএমচি কমিচনাৰ অফিচ আদি ভঙাৰ কাম সম্পূৰ্ণ কৰিছে ।

No comments