Breaking News

যোৰহাটত বায়ু সেনাৰ দখলত ভাষা সংস্কৃতিৰ মহীৰূহ চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰ



 ডিজিটেল ডেস্ক..
মই মৰিলেই দিন গ'লে ৰাতি হ'ব / জোন - বেলি ওলায়ে থাকিব / গছত ফুলিব ফুল , বতাহ বলিব / নিজ বাটে নক্ষত্র ঘুৰিব ...। এয়াই রাস্তৱ । সুদীর্ঘ কেইবাটাও দশক পূর্বেই যোৰহাটৰ গৌৰৱ তথা অসমীয়া ভাষা সংস্কৃতিৰ মহীৰূহ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাই কালজয়ী কবিতা ‘ ধূলিকণা মইত লিখি থৈ নিজৰেই বাস্তবতা প্ৰকাশ কৰি গৈছে । আজি সময়ৰ সোঁতত সকলো সলনি হৈছে । কিন্তু আধুনিকতা যান্ত্ৰিকতাৰ মাজত আমি যেন এফালৰ পৰাসকলো হেৰুৱাই পেলাইছো । পাহৰিছো আমি অসমীয়া জাতি হিচাপে গৌৰৱ কৰিবলৈ ' ভেটি ' প্রতিষ্ঠা কৰি যোৱা ভাষা - সংস্কৃতিৰ মহীৰূহ সকলক । আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ শিল্পী দিৱসৰ দিনটোতেই চৰ্চালৈ আহিছে অসমীয়া ভাষা - সংস্কৃতিৰ মহীৰূহ সাহিত্যৰত্ন চন্দ্ৰ বৰুৱাৰ কথা । কিয়নো ৰজাঘৰে - প্ৰজাঘৰে সুন্দৰৰ পূজাৰীৰ ' মোৰে জীৱনৰে সখা কৃষ্ণ ' আদি কালজয়ী গীতৰ মূৰ্চনাৰে চৌদিশ মুখৰ হোৱাৰ সময়তে খোদ সাংস্কৃতিক ৰাজধানী বুলি গৌৰৱ কৰা যোৰহাটৰ বুকুতেই চিন - মোকাম নাইকিয়া হল সাহিত্য জগতৰ ধ্ৰুৱতৰা চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰৰ । ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰাসত পৰি জোনাকী যুগৰ বিশিষ্ট কবি - সাহিত্যিক নাট্যকাৰগৰাকীৰ সমাধিক্ষেত্ৰৰ এনে দুর্দশাক কেন্দ্ৰ কৰি যোৰহাটৰ সাহিত্য - সাংস্কৃতিক জগতত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ।অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি , জোনাকী আলোচনীৰ পৃষ্ঠপোষক দেশৰ স্বাধীনতাৰ ইংলেণ্ডৰ ঘূৰণীয়া মেজমেলত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগত অসমৰ প্রতিনিধি হিচাপে অংশগ্ৰহণ কৰা চন্দ্ৰখৰ বৰুৱাৰ সমাধিক্ষেত্র আজি যোৰহাট বৰৈয়াস্থিত ভাৰতীয় বায়ু সেনাই অবৈধভাবে দখল কৰি একপ্ৰকাৰ চিন নাইকিয়া কৰি পেলাইছে । এইক্ষেত্ৰত যোৰহাটৰ এগৰাকী সমাজ সচেতন যুৱ অধিবক্তা সুদীপ্তন্নয়ন গোস্বামীকে ধৰি কেইবাজনো ব্যক্তিয়ে নিজৰ প্রতিক্রিয়া প্ৰকাশ কৰি কয় যোৰহাটৰ চৰাইবাহী মৌজাৰ ৰঙাইহাবি গাঁৱৰ ৰবৈয়া বাগিচাত কে বি ৰোডৰ কাষত থকা এবিধা ১৫ লেছা মাটিৰ অস্তিত্বই আজি বিচাৰি পাবলৈ কঠিন হৈছে । ৰাজহ বিভাগৰ চৰজমিন তদন্তত ম্যাদী পঢ়াৰ বাগিচাসহ বিশিষ্ট সাহিত্যিকগৰাকীৰ সমাধিক্ষেত্ৰ ভাৰতীয় বায়ুসেনা বাহিনীয়ে অবৈধভাৱে পকী বেৰা দি নিজৰ সীমাৰ ভিতৰত অন্তর্ভূক্ত কৰি লৈছে । হঠাৎ বায়ুসেনা বাহিনীয়ে সমাধিক্ষেত্রসহ উক্ত ভূমি পকী বেৰা দি নিজৰ সীমাৰ ভিতৰত অন্তর্ভূক্ত কৰি লয় । ভাৰতীয় সেনাৰ এনে কাণ্ড সহ্য কৰিব নোৱাৰি এগৰাকী ব্যক্তিয়ে এই সমগ্র বিষয়টো এক পত্রযোগে প্রধানমন্ত্রী কার্যালয়কো অৱগত কৰে । কিন্তু প্রধানমন্ত্রী কাৰ্যালয়ৰ তৰফৰ পৰা ইয়াৰ প্ৰত্যুত্তর হিচাপে বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্রী কাৰ্যালয়ৰ সচিবালয়ৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থা কৰি দিয়ে । তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী কাৰ্যালয়ৰ পৰা সচিবালয়ৰ যিগৰাকী বিষয়া সিদ্ধেশ্বৰ নাথক যোগাযোগ কৰাৰ ব্যৱস্থা কৰি দিছিল সেইগৰাকীয়ে আকৌ কেতিয়াবাই অৱসৰ লৈছে । যাৰ বাবে কেইবাজনো ব্যক্তিয়ে বিষয়টো বিধায়ক হিতেন্দ্রনাথ গোস্বামীক অৱগত কৰে । 

No comments