Breaking News

গুৱাহাটীত বায়ু প্ৰদূষণে জটিলৰ ৰূপ ধাৰণ কৰিছে।


 ডিজিটেল ডেস্ক: 
গুৱাহাটী মহানগৰৰ উপৰি নগাঁও , নলবাৰী , শিলচৰ আৰু শিৱসাগৰত অধিক মাত্ৰাত প্ৰদূষণ পোৱা গৈছে অসমৰ এইকেইখন নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা  আৰু বাঢ়িলে দিল্লীৰ দৰেই পৰিবেশৰ সৃষ্টি হোৱাৰ শংকা কৰা হৈছে । দেশৰ ১৩১ মহানগৰ আৰু নগৰ বায়ু প্ৰদুষণৰ মাত্ৰা বেছি হৈছে ।  গুৱাহাটী মহানগৰতো বিশেষকৈ ছালৰ ৰোগীৰ সংখ্যা বাঢ়িছে বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেল কর্তৃপক্ষই তথ্য সদৰী কৰিছে ।পৰিবেশ মন্ত্রণালয়ে বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হোৱা নগৰসমূহত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰক নির্দেশ দিছে ।  গুৱাহাটী মহানগৰীৰ বৰ্ষিত বায়ু , পানী আৰু শব্দ প্ৰদূষণ এই বিষয়ক লৈ সময়মতে শপতনামা দাখিল কৰিব নোৱৰা ৰাজ্য চৰকাৰৰ ভূমিকাত কিছুদিনৰ পূৰ্বে অসন্তুষ্টি ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে । শপতনামা দাখিল কৰিব নোৱৰাৰ  বাবে ৰাজ্যৰ মুখ্য সচিবক অহা ফেব্ৰুৱাৰী মাহত ভার্চুৱেলী ন্যায়াধীকৰণৰ আগত হাজিৰ হ'বলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ  পূর্বাঞ্চল পীঠে যোৱা ৭ জানুৱাৰীত নিৰ্দেশ দিছে । মহানগৰীৰ প্ৰদূষণৰ সমস্যাক লৈ হিমাও নাথ নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ সেউজ ন্যায়াধিকৰণে এই নির্দেশ দিয়ে । আবেদনখনৰ পূৰ্বৰ দুটা শুনানিত দিয়া নিৰ্দেশৰ পিছতো ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো শপতনামা দাখিল কৰা হোৱা নাই ।  , গুৱাহাটী পৌৰনিগমে তেওঁলোকৰ শপতনামা দাখিল কৰিছে । যোৱা তিনি জানুৱাৰীত হোৱা শুনানিতো শপতনামা দাখিল কৰিব নোৱৰা ৰাজ্য চৰকাৰে পুনৰ তিনি সপ্তাহ সময় বিচাৰে । ন্যায়াধীকৰণে ৰাজ্য চৰকাৰক সময় দিয়ে যদিও চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰে আৰু শপতনামাদাখিল কৰিব নোৱৰাত কাৰণ দৰ্শাবলৈ মুখ্য সচিবক ভার্চুৱেলী ন্যায়াধীকৰণৰ সম্মুখত হাজিৰ হ'বলৈ নির্দেশ দিয়ে ।  বছৰত প্ৰকাশ পোৱা Centre for Science and Environment ( CSE ) তথ্য অনুসৰি , গুৱাহাটী উত্তৰ - পূৰ্বাঞ্চলৰ ভিতৰতে সর্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে । দ্বিতীয় স্থানত আগৰতলা চহৰ আছে । গুৱাহাটীত প্ৰদুষণৰ বছৰি গড় PM2.5 ৰ পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । ২০১৯ চনৰ তুলনাত ২০২১ চনত গুৱাহাটীত বছৰি গড় PM2.5 ৰপৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । শীতৰ সময়ছোৱাত গুৱাহাটীত PM2.5 ৰ পৰিমাণ বৃদ্ধি পাইছে । ২০২১ চনৰ ১৭ জানুৱাৰীত সাপ্তাহিক গুৱাহাটীত PM2.5 ৰ পৰিমাণ ॥ 89pg / m3 আছিল । বায়ু প্ৰদূষণৰ ক্ষেত্ৰত যিটো অতি ভয়াবহ পৰিমাণ । ইফালে , আগৰতলা চহৰত ২০২১ চনৰ ১০ জানুৱাৰীত সাপ্তাহিক PM2.5 ৰ পৰিমাণ 112pg / mm3 আছিল । গুরাহাটী আৰু আগৰতলা চহৰৰ লগতে উত্তৰ - পূৰ্বাঞ্চলৰ আন চহৰবোৰতো শীতকালৰ সময়ছোৱাত PM2.5 ৰ পৰিমাণ বৃদ্ধি পাইছে । প্রণিধানযোগ্য যে গুৱাহাটী , শ্বিলং , কোহিমাত বায়ুমণ্ডলত NO2 ৰ পৰিমাণ জোখাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা নাই । যাৰ বাবে Centre for Science and Environment ( CSE ) শুবাহাটী , শিলং , কোহিমাত বায়ুমণ্ডলত NO2 ৰ পৰিমাণ জোগাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে । তাৰ মাজতে কিন্তু Centre for Science and Environment ( CSE ) গুৱাহাটী , শিলং , কোহিমাৰ বায়ুমণ্ডলত NOZ ৰ পৰিমাণ জুখি উদ্বেগজনক তথ্য লাভ কৰিছে । গুৱাহাটীৰ বায়ুমণ্ডলত NO2 ৰ পৰিমাণ ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত ৮৫ শতাংশ বৃদ্ধি পাইছিল । অর্থাৎ শীতকালত গুৱাহাটীৰ বায়ুমণ্ডলত NO24 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । গুৱাহাটী আৰু আগৰতলাত দৈনিক দিনৰ ১ বজাৰ পৰা সন্ধিয়া ও বজাৰ ভিতৰত NO2 ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় । আকৌ সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত NO2 ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় । নিশা গুৱাহাটীত NO24 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পায় বৃষ্টি এবং তথ্য প্রকাশ পাইছে এই সময়ছোৱাত গুৱাহাটীত ট্ৰাকৰ চলাচল বেছি হয় । Centre for Science and Environment ( CSE ) - ৰ তথ্য অনুসৰি , গুৱাহাটীত বায়ুৰ মান সূচক অতি নিম্ন । Centre for Science and Environment ( CSE ) - অধ্যয়নত প্রকাশ পাইছে যে গুৱাহাটীত বায়ু প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে শ্বাস - প্রশ্বাসজনিত ৰোগৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে । যিটো গুৱাহাটীবাসীৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবেই উদ্বেগজনক বুলি বিবেচিত হৈছে ।

No comments