Breaking News

২০২৩ বছৰটো ব্যতিক্ৰম নহ'ব।


 ডিজিটেল ডেস্ক: ইউ কেৰ বতৰ বিজ্ঞান কার্যালয়ে সকীয়াই দিছে যে ২০২৩ বৰ্ষটো ২০২২ বৰ্ষতকৈও বেছি গৰমৰ বছৰ হ'ব পাৰে আৰু এল নিনোৰ প্ৰত্যাৱৰ্তনৰ কাৰণে উষ্ণতা চৰম পৰ্যায় পাবগৈ পাৰে। , ২০২৩ চনৰ শেষৰফালে এল নিনোৰ প্ৰত্যাৱৰ্তন হ'ব আৰু সমগ্ৰ বিশ্বত উষ্ণতা বৃদ্ধি পাব। বতৰৰ এই পৰিঘটনাই উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছ হ্ৰাস কৰিবলৈ চলোৱা প্রচেষ্টা অতি জটিল কৰি তুলিব। এল নিনো হ'ল এটা আৱৰ্তমান পাৰিপাৰ্শ্বিক অৱস্থা। বিষুৱ ৰেখা অঞ্চলত প্রশান্ত মহাসাগৰীয় অঞ্চলত এল নিনোৰ উৎপত্তি হয়। প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশ পেৰুৰ পৰা ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়ালৈকে দীঘলীয়া খৰাং হয় আৰু বনজুই জ্বলে। সমুদ্রপৃষ্ঠৰ উষ্ণতা, বৰষুণ, বায়ুৰ চাপ, বায়ুমণ্ডল আৰু মহাসাগৰবোৰৰ আৱৰ্তন  আদি কাৰকৰ বাবে এল নিনোৰ উৎপত্তি হয়। ১৮০০ শতিকাত দক্ষিণ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলত এল নিনোৰ প্ৰভাৱৰ কাৰণে ২০১৬ বৰ্ষটো এই পর্যন্ত আটাইতকৈ বেছি গৰমৰ বছৰ বুলি চিহ্নিত হৈ আছে।

No comments