Breaking News

আজিৰ পৰা জোনবিল মেলাৰ আয়োজন কৰা হৈছে।

 


ডিজিটেল ডেস্ক:
জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত চলি থকা জোনবিল মেলাৰ মাঘ বিহুৰ পিচৰ বৃহস্পতিবাৰে আৰম্ভ হয় জোনবিল মেলা। আজি পুৱা ছয় বজাত গোভা দেওৰজা চাৰিভাই দেওশাল থানত মাংগলিক পৰ্বৰে মেলাৰ শুভাৰম্ভ হ'ব। আধুনিক মুদ্ৰাৰ আৱিষ্কাৰৰ ফলত লুপ্ত হৈ পৰা বিনিময় প্রথা আজিও এই জোনবিল মেলাত বিদ্যমান।  আজিও নামি আহে শ শ লোক মাঘৰ হাৰ কঁপোৱা শীতত মেলাথলীতেই নিশা যাপন কৰে পাহাৰৰ লোকসকলে। জোনবিলত মাছ মৰাৰ পাচত বৰ্তমানৰ গোভা মৌজাৰ লোকসকলে এই মেলাৰ শেষৰ দিনা  শনিবাৰৰ নিশাহে উৰুকাৰ ভোজ-ভাত খাব।  গোভাৰজা দ্বীপসিং দেওৰজাৰ ৰাজদৰবাৰৰ নিৰ্দেশত  আৰম্ভ হ'বলগীয়া জোনবিল মেলা ভৰি পৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে। ইতিমধ্যে ব্যৱসায়ীসকলে দোকান-বজাৰেৰে এফালে আধুনিক মেলাৰ আয়োজন কৰাৰ লগতে আনফালে বহিব বিনিময়ৰ হাট। তাৰ পিচতে গাভৰু আম বৃক্ষত বন্তি প্ৰজ্বলন কৰা হ'ব। পুৱা আঠ বজাত ইউনেস্ক'ৰ দ্বাৰা জোনবিল মেলাৰ তথ্যচিত্ৰৰ শুভাৰম্ভণি হ'ব। জোনবিল মেলাৰ গীত পৰিবেশনৰ পিচত জোনবিল মেলাথলীত বস্তি প্রজ্বলন কৰিব গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে। তাৰ পিচতে পতাকা উত্তোলন কৰিব গোভাৰজা দ্বীপসিং দেওৰজাই। পতাকা উত্তোলনথলীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বাঘজাপ গাঁও পঞ্চায়তৰ সভাপতি প্রদীপ দেউৰী। দিনৰ এঘাৰ বজাৰ পৰা ৰাজদৰবাৰ আৰু ৰাজভাত্তা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিবলগা ৰাজদৰবাৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব বিধায়ক ৰমাকান্ত দেউৰীয়ে।  তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আদৰণী ভাষণ আগবঢ়াব এই অনুষ্ঠানত বহুকেইগৰাকী লোক সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। মেলাৰ অন্তিম দিনা শনিবাৰে গোভা দেওৰজাৰ অৰম বিলত পুৱা ৯ বজাত সমূহীয়াভাৱে মাছ মৰা হ'ব। দহ বজাত মেলাত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। দিনৰ এক বজাৰ পৰা প্ৰতীকী ৰূপত মেলাত কৰ সংগ্ৰহ কৰা হ'ব। সন্ধিয়া সাত বজাত সাধাৰণ সভাৰ পিচত নিশা ৯ বজাত মেলাৰ অন্ত পৰিব।

No comments