Breaking News

ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ আকৌ আহিল দুঃখবৰ।


 ডিজিটেল ডেস্ক:উভতি নহা পথেৰেই গ’লগৈ 'গোলাপী জামুৰ লগ্ন'ৰ স্ৰষ্টা, জ্ঞানপীঠ বঁটা বিজয়ী গৰাকী নীলমণি ফুকন ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ আকৌ আহিল দুঃখবৰ। কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান! শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কবিগৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন অৱস্থাতে  শেষ নিশ্বাস ত্যাগ কৰে জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীয়ে। ।বুধবাৰে বিয়লিৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল নীলমণি ফুকনৰ। প্ৰাৰম্ভিক অৱস্থাত ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত আছিল যদিও  স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়ালৈ মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি হৈছিল। শেহতীয়াকৈ জিএমচিএইচৰ চাৰি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ পিছতে তেখেতক লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছিল। GMCHৰ ভেণ্টিলেশ্যনত চিকিত্সাধীন হৈ আছিল কবিগৰাকী। আজি দিনৰ  ১১.৫৫ বজাত সকলোকে কন্দুৱাই  GMCH ত ইহলীলা সম্বৰণ কৰে বিশিষ্ট কবিগৰাকীয়ে।

No comments