Breaking News

সাংবাদিক, কবি, তথা গল্পকাৰ কৌস্তুভমণি হাজৰিকা আৰু নাই ।



ডিজিটেল সংবাদ, গোলাঘাট: 
সকলোকে ম্ৰিয়মান কৰি উভতি নহাৰ বাটেৰে বাট বুলিলে সাংবাদিক, কবি , প্ৰৱন্ধকাৰ তথা জননী ই-সংবাদ পত্ৰৰ সম্পাদক কৌস্তূভমণি হাজৰিকাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আজি পুৱাই গুৱাহাটীতৈ চিকিৎসাৰ বাবে নি থকা পথতে ৪৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হাজৰিকাই। সাংস্কৃতিৱান মন এটি লৈ শব্দৰ সৈতে  খেলি ভাল পোৱা প্ৰতিভাধৰ ব্যক্তি কৌস্তুভমণি হাজৰিকাৰ মৃত্যু নিঃসন্দেহে গোলাঘাটৰ বাবে এক অপূৰণীয় ক্ষতি।  হাজৰিকাৰ এক সৌভাগ্য আছিল যে জন্মৰ পৰাই মোমায়েক তথা প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াৰ সান্নিধ্য লাভ কৰিছিল। যাৰ বাবে হয়তো হাজৰিকাই সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰখনত বিচৰণ কৰি ভাল পাইছিল। গোলাঘাটৰ হাতীয়েখোৱাত ১৯৭৯ চনত জন্মগ্ৰহণ কৰা হাজৰিকাই গোলাঘাটৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা সকলোৱে স্বীকাৰ কৰিবই লাগিব। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আলোচনী সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰা হাজৰিকাই ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে কস্তুৱ নামৰ এখন আলোচনীৰ সৈতে জড়িত হৈ পৰিছিল। এনেদৰেই এদিন সংবাদক্ষেত্ৰলৈ মন মেলিছিল হাজৰিকাই। প্ৰায় ২০০৬ চনৰ পৰা মৃত্যুক্ষণলৈকে অসমৰ এখন আগশাৰীৰ সংবাদপত্ৰত গোলাঘাটৰ ষ্টাপ ৰিপৰ্টাৰৰূপে দায়িত্ব পালন কৰিছিল। সেয়াই নহয় হাজৰিকাই শেহতীয়াকৈ গোলাঘাটৰ পৰা প্ৰকাশিত একমাত্ৰ ই-সংবাদপত্ৰ ‘জননী’ৰো সম্পাদকৰূপে দায়িত্ব পালন কৰি আছিল। ইয়াৰোপৰি হাজৰিকাই গোলাঘাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান ভক্স পপুলীৰ উপসভাপতি, গোলাঘাট প্ৰেছ ক্লাৱৰ সম্পাদক, অসম উন্নতি সভা, গোলাঘাট সমিতিৰ সম্পাদক, গোলাঘাট গ্ৰাহক সুৰক্ষা সন্থাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।  তেখেতৰ কলেমেৰে নিগৰিছে শতাধিক কবিতা, গল্প, প্ৰৱন্ধ।  হৃদয়স্পৰ্শীৰ শব্দেৰে সকলোৰে হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হোৱা হাজৰিকাৰ মৃত্যুত ম্ৰিয়মান আজি সমগ্ৰ গোলাঘাট।তেখেতৰ মৃত্যুত আমি জননী লাইভৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

No comments