Breaking News

ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান ছুপ্রিম ক'ৰ্টত হীৰেন গোহাঁই অজিত কুমাৰ ভূঞাৰ আবেদন



ডিজিটেল ডেস্ক...
ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান ছুপ্রিম ক'ৰ্টত হীৰেন গোহাঁই অজিত কুমাৰ ভূঞাৰ আবেদন...বিচাৰৰ বাবে আবেদনখন পঞ্জীয়ন কৰিছে ন্যায়ালয়ে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ প্ৰত্যাহ্বান জনাই বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা  আবেদন ন্যায়ালয়ে বিচাৰৰ বাবে পঞ্জীয়ন কৰিছে । আবেদনখনৰ জৰিয়তে ৰাজ্যৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক অবৈধ আখ্যা দি বাতিলৰ দাবী জনাইছে...দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা ৩১ ডিচেম্বৰৰ পৰা প্ৰশাসনীয় মোৰ কোনো সাল - সলনি ঘটাব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰাৰ আগমুহূৰ্তত ৰাজ্যিক কেবিনেটে চাৰিখন জিলা বিলুপ্তি আৰু কেইবাখনো জিলাৰ অঞ্চল কৰ্তন কৰি আন জিলাত সংযোগক লৈ ৰাজ্যজুৰি বিতৰ্ক চলি থকাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মজিয়াত তাৰ বিৰুদ্ধে ৰাজহুৱা স্বার্থজড়িত আবেদন গ্রহণ তাৎপর্যপূর্ণ ঘটনা হিচাপে বিবেচিত হৈছে ।

No comments