Breaking News

জীৱন সিংহৰ কৌশলী স্থিতি ম্যানমাৰৰ শিবিৰত এৰি আহিছে ৭০ ৰো অধিক কে এল অ’ৰ কেডাৰ

 



ডিজিটেল ডেস্ক..কমতাপুৰ লিবাৰেচন অর্গেনাইজেচনৰ অধ্যক্ষ জীৱন সিংহ কোচে কেন্দ্রীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশ লোৱাৰ বাবে ম্যানমাৰস্থিত শিবিৰৰ পৰা নতুন দিল্লীত গৈ উপস্থিত হৈছে যদিও সংগঠনটোৰ আন বহুসংখ্যক নেতা আৰু কেডাৰ বৰ্তমানেও ম্যানমাৰস্থিত শিবিৰত আছে । এনে সদস্যৰ সংখ্যা প্রায় ৭০ জন হ'ব । তেওঁলোকে ম্যানমাৰৰ পৰাই আলোচনা প্ৰক্ৰিয়াৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছে । নতুন দিল্লীৰ আলোচনা আৰু শান্তি চুক্তি প্ৰক্ৰিয়া সফল হোৱাৰ পিচতহে সংগঠনটোৰ আন নেতা আৰু কেডাৰসকল মূলসুঁতিলৈ ওলাই আহিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱ ওৰফে দেবজিৎ সিংহৰ সৈতে সংগঠনটোৰ কেইজনমান নেতা আৰু কেডাৰক লগত লৈ ম্যানমাৰস্থিত শিবিৰৰ পৰা ওলাই আহিছিল । জীৱন সিংহ কোচে মাত্র কেইজনমান বিদ্রোহী নেতা - কেডাৰক লগত লৈ ম্যানমাৰৰ পৰা ভাৰতৰ ভূমি পদার্পণ কৰাৰ পিচত বিভিন্ন মাধ্যমত কে এল অ'ত অতি নগণ্যসংখ্যক কেডাৰ থকা বুলি আলোচনা চলিছে । । কিন্তু বিশেষ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে ইচ্ছাকৃতভাৱেই মাত্র কেইজনমান নেতা আৰু কেডাৰক লৈ ম্যানমাৰৰ পৰা ওলাই আহিছে ।  জানিব পৰামতে জীৱন সিংহ কোচৰ সৈতে সংগঠনটোৰ ১০ জন সশস্ত্র গোটৰ নেতা আৰু কেডাৰ ওলাই আহিছে । জীৱন সিংহ কোচে এই আলোচনা প্রক্রিয়াত এক কৌশলী স্থিতি গ্রহণ কৰিছে । কাৰণ কেন্দ্ৰীয় চৰকাৰে যিকোনো মুহূৰ্তত নিজৰ স্থিতিৰ পৰা আঁতৰি যাব পাৰে বুলি সংশয়ৰ সৃষ্টি হৈছে । সেয়েহে জীৱন সিংহই অধিকাংশ বিদ্রোহী নেতা আৰু কেডাৰক ম্যানমাৰস্থিত শিবিৰত এৰি থৈ তেওঁ ওলাই আহিছে । নতুন দিল্লীত শান্তি আলোচনা আৰু চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেহে সংগঠনটোৰ আন নেতা আৰু কেডাৰসকলক তেওঁ ম্যানমাৰ শিবিৰৰ পৰা উলিয়াই আনিব বুলি জানিব পৰা গৈছে । লক্ষণীয়ভাৱে কালি সংগঠনটোৰ অধ্যক্ষ ম্যানমাৰ শিবিৰৰ পৰা ওলাই আহিছে যদিও তেওঁ লগত কোনো অস্ত্র শস্ত্ৰ লৈ অহা নাই ।  যিকেইজন বিদ্রোহী সতীৰ্থ তেওঁৰ লগত আহিছে , সেইকেইজন সংগঠনটোৰ মধ্যম পৰ্যায়ৰ নেতা আৰু কেডাৰ বুলি জানিব পৰা গৈছে । 

No comments