Breaking News

ক'ভিড -১৯ ৰ ভেকচিনৰ মাৰাত্মক পার্শ্বক্রিয়া আছে,অসংখ্য লোক শাৰীৰিক বিসংগতি তথা ৰোগত আক্ৰান্ত হৈছে

 


ডিজিটেল ডেস্ক:ক’ভিড ভেক্‌চিন পার্শ্বক্রিয়া সন্দৰ্ভত এজেপি মৃত্যু হোৱা পৰিয়ালৰ দায়িত্ব লওক চৰকাৰে...ক’ভিড -১৯ মহামাৰীৰ প্রতিষেধক বা টিকা ( ভেকচিন ) প্রদানক কেন্দ্ৰ কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ ব্যাপক অনিয়ম আৰু কেলেংকাৰিত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে...ক'ভাক্সিন আৰু ক'ভিহিল্ডকে ধৰি ক'ভিড -১৯ ৰ ভেকচিনৰ মাৰাত্মক পার্শ্বক্রিয়া আছে ।পাৰ্শ্বক্ৰিয়াৰ ফলত বহুসংখ্যক লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু অসংখ্য লোক অন্য শাৰীৰিক বিসংগতি তথা ৰোগত আক্ৰান্ত হৈছে । ভাৰত ক'ভিড ১৯ ৰ টিকা বা ভেক্‌চিন প্রদান প্রক্রিয়া বিগত ২০২১ বৰ্ষৰ ১৬ জানুৱাৰীত আৰম্ভ হৈছিল । দেশজুৰি বৰ্তমানলৈ ২২০ কোটি পালি টিকা প্রদান কৰা হৈছে । চৰকাৰে দাবী কৰা মতে , ১২ বছৰৰ ওপৰৰ বয়সৰ ১৫ শতাংশ লোকক টিক প্রদান হয় । সামগ্রিকভাৱে মুঠ জনসংখ্যাৰ ৭৪ শতাংশই এপালি আৰু ৬৮ শতাংশই দুয়োপালি টিকা গ্ৰহণ কৰিছে । চৰকাৰী তথ্যত ইতিপূর্বে কোৱা হৈছে যে অসমৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ ( অর্থাৎ আনুমানিক ২.৪৮ কোটি ) লোকক টিকাকৰণ কৰা হৈছে । কভিড মহামাৰীৰ টিকা প্রদান কৰাটো বিশ্ব স্বাস্থ্য সংস্থা ( WHO ) ৰ অনুমোদন মৰ্মেই কৰা হৈছিল যদিও আৰম্ভণিৰে পৰা একাংশ বিশেষজ্ঞই এই ক্ষেত্ৰত আপত্তি দেখুৱাই আহিছিল যে ক'ভিড ভেকচিনৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়া হ'ব পাৰে । আইন মতে , যিকোনো টিকা গ্ৰহণ কৰাটো ব্যক্তিৰ স্বাধীনতাৰ সৈতে যুক্ত । এই ক্ষেত্ৰত বল প্রয়োগ বে - আইনী । কিন্তু অসমত বল প্রয়োগ কৰি , আৰক্ষী লগাই , টিকা নল’লৈ চৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ যাব নোৱৰা বা দৰমহা বন্ধ কৰি দিয়া , টিকাকৰণৰ প্রমাণ - পত্ৰ দেখুৱাব নোৱাৰিলে চৰকাৰী কাৰ্যালয় , বাছ আস্থান , ৰে'ল - বিমানত প্ৰৱেশ কৰিব নোৱৰা বা চৰকাৰীসুবিধাৰ পৰা বঞ্চিত কৰা আদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে যে বিজ্ঞানসম্মত নীতি - নিয়ম আওকাণ কৰি ক'ভিড ভেক্‌চিন ল'বলৈ ৰাইজক বাধ্য কৰা কাৰ্য দেশ তথা ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্যৰ কাৰণে মাৰাত্মক হৈ উঠিছে । ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ১২,৪০০ গৰাকী লোক ক'ভিড ভেক্‌চিনৰ প্রতিকূল পাৰ্শ্বক্ৰিয়াৰ ফলত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে । বিভিন্ন ৰোগত আক্ৰান্ত হৈছে লাখ লাখ লোক । ভেকচিনৰ উক্ত প্রতিকূল পাৰ্শ্বক্ৰিয়াৰ কথা চৰকাৰে ইমান দিনে স্বীকাৰ কৰি লোৱা নাছিল যদিও শেহতীয়াভাৱে ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছাৰ্চ ( ICMR ) আৰু চেণ্টেল ড্রাগ্‌ছ ষ্টেণ্ডাৰ্ড কন্ট্র’ল অর্গেনাইজেশান ( CDSCO ) এ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল হোৱা আবেদনৰ উত্তৰত কৰ'না ভেক্‌চিনৰ মাৰাত্মক প্রতিকূল পার্শ্বক্ৰিয়া হোৱা আৰু তাৰ ফলত বিভিন্ন লোক আক্রান্ত হোৱাৰ কথাটো স্বীকাৰ কৰে । একপ্ৰকাৰ নিশ্চিত হৈছে যে কভিডপ্ৰতিৰোধী ভেকচিন নিৰাপদ নাছিল , ইয়াক প্রস্তুত আৰু প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মতনীতি - নিয়ম মানি চলা হোৱা নাছিল আৰু উক্ত ভেকচিনসমূহৰ মাৰাত্মক পার্শ্বক্রিয়া আছে , যাৰ পৰিণতি মৃত্যু পর্যন্ত হ'ব পাৰে ।বুধবাৰে এই সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি অসম জাতীয় পৰিষদে কয় যে অসমত ক'ভিড প্ৰতিৰোধী ভেকচিন প্ৰদানৰ যাৱতীয় , প্ৰক্ৰিয়াৰ উচ্চপৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে । ৰাজ্যখনত কিমান লোকক প্রতিষেধক প্ৰদান কৰা হ’ল , কোনোবা লোকৰ মাজত প্রতিকূল পার্শ্বক্রিয়া দেখা দিলে নে নাই , ভেক্‌চিন গ্ৰহণৰ পিছত যিসকল লোকৰ মৃত্যু হ'ল , তেওঁলোকৰ ভেকুচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলতহে মৃত্যু হ'ল নেকি এই সমগ্র বিষয়বোৰৰ বিজ্ঞানসন্মত তদন্তৰ প্ৰয়োজন । আনহাতে , প্রতিষেধক তথা ঔষধৰ যোগান , ছেনিটাইজাৰ তথা পি পি ই কীট ক্ৰয় আৰু যোগান , ক'ভিডৰ চিকিৎসা শিবিৰ আদি নিৰ্মাণ আৰু পৰিচালনা আদিতো ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছে ।

No comments