Breaking News

অসম চৰকাৰে বৈদ্যুতিক বাহনৰ বাবে নতুন আঁচনি ৰূপায়ণ কৰিছে।


 ডিজিটেল ডেস্ক: তিনিচকীয়া বাহনৰ বিক্রীত অসমে লাভ কৰা সফলতাৰ  প্ৰকাশ পাইছে আমেৰিকাৰ এখন শীর্ষ বিশ্ববিদ্যালয়ৰ সমীক্ষাত। কেলিফর্নিয়া ডেভিছ বিশ্ববিদ্যালয়ৰ জেড বিছাচ চেষ্টাৰে প্ৰকাশ কৰা সমীক্ষা অনুসৰি ২০২৫ চনলৈ সম্পূর্ণ ১০০ শতাংশ বৈদ্যুতিক তিনিচকীয়া বাহনৰ ৰাজ্য হিচাপে পৰিগণিত হ'ব অসম। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে এই গৌৰৱৰ অধিকাৰী হ'বলৈ আগবাঢ়িছে অসম।   অসমত বিক্ৰী হৈ থকা তিনিচকীয়া বাহনৰ সৰহসংখ্যকেই হৈছে বৈদ্যুতিক বাহন। কভিড-১৯ সংক্ৰমণৰ পিচৰে পৰা ৰাজ্যখনত দ্রুতহাৰত বৃদ্ধি পাইছে এনে তিনিচকীয়া বদ্যুতিক বাহনৰ বিক্ৰী।  ভাৰতৰ ২৫খনতকৈ অধিক ৰাজ্যই ৰাজ্যিক বৈদ্যুতিক বাহন আঁচনি মুকলি কৰিছে। । অসমৰ বৈদ্যুতিক বাহনৰ ৰাজ্যিক আঁচনিৰ অধীনত ২০২৬ চনলৈকে এক লাখ খন দুচকীয়া বাহন, ৭৫ হেজাৰ তিনিচকীয়া বাহন আৰু  ২৫হেজাৰ চাৰিচকীয়া বাহন বিক্ৰীৰ পৰিকল্পনা কৰা হৈছে।  ৰাজ্য চৰকাৰে সকলো চৰকাৰী বাহন বৈদ্যুতিকবাহনলৈ ৰূপান্তৰ কৰাৰ আঁচনিও হাতত লৈছে।

No comments