Breaking News

কৃষি বিভাগৰ দুৰ্নীতিৰ অভিযোগ সত্য প্রমাণিত গোলাঘাটৰ পৰা একেদিনাই ২২ কৰ্মচাৰীক বদলি

 


ডিজিটেল ডেস্ক:...
কৃষি বিভাগৰ দুৰ্নীতিৰ অভিযোগ সত্য প্রমাণিত গোলাঘাটৰ পৰা একেদিনাই ২২ কৰ্মচাৰীক বদলি গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দীর্ঘদিন ধৰি চলি থকা ব্যাপক দুর্নীতি - অনিয়মৰঅভিযোগ অৱশেষত সত্য প্রমাণিত হ’ল । বিশেষকৈ কৃষি বিভাগে গোলাঘাট জিলাৰ একাংশ বিষয়া - কৰ্মচাৰীক অন্য জিলালৈ বদলি কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে এই কথা এতিয়া বাৰুকৈয়ে চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।  যোৱা ১৪ ডিচেম্বৰত গোলাঘাট জিলা কৃষি বিভাগৰ কাৰ্যালয়ত খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়াৰ চাডেন ভিজিটৰ পিছতে উন্মুক্ত হৈ পৰিছিল কৃষি বিভাগত চলি থকা দুৰ্নীতি - অনিয়মৰ এক জীয়া ছবি যাৰ পৰিপ্ৰেক্ষিতত কৃষি বিভাগৰ যুটীয়া সচিব তেজপ্রসাদ ভূষাল আৰু ধেমাজি জিলাৰ যুটীয়া সঞ্চালক ড ° নন্দী ৰয়ে পৃথকে পৃথকে চলাইছিল তদন্ত । সেই তদন্তৰ এমাহৰ পিছতেই গোলাঘাট জিলাৰ মুঠ ২২ গৰাকী কৃষি সম্প্ৰসাৰণ সহায়ক ( AEA ) আৰু সহকাৰী পৰিদৰ্শক ( AAI ) ক অন্য জিলালৈ বদলি কৰাৰ তথ্য আহি পৰিছে । ইফালে , কৃষিমন্ত্রী অতুল বৰাৰ গৃহ জিলাত বিভাগটোৰ দুৰ্নীতিৰ বিৰুদ্ধে একপ্ৰকাৰ কঠোৰ হৈছে কৃষিমন্ত্ৰীগৰাকী । কিন্তু বর্তমান বিভাগটোৱে একাংশ বিষয়া - কৰ্মচাৰীক বদলি কৰিলে যদিও জিলা কৃষি বিষয়াগৰাকীৰ লগতে জ্যেষ্ঠ কৃষি বিষয়াসকলৰ চকী এতিয়াও ৰহস্যজনকভাৱে নলৰিল বুলি অভিযোগ কৰিছে একাংশ ভুক্তভোগী কৃষকে । আনহাতে , তদন্তৰ প্ৰতিবেদনৰ ৰিপৰ্ট কি হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও হঠাৎ কৃষি বিভাগৰ ব্যাপক ৰদবদলে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে ।  ।

No comments