Breaking News

চোৰাং গুট্‌খাৰ ৰমৰমীয়া বেহা

 


ডিজিটেল ডেস্ক:
কানপুৰৰ পৰা আমদানিকৃত চোৰাং গুট্‌খাৰ ট্ৰেনজিট পইণ্টত পৰিণত....জি এছ টি ফাঁকিৰে চোৰাং গুট্‌খাৰ ৰমৰমীয়া বেহা চলাই অহা ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অৱশেষত অভিযান চলিল কৰ বিভাগৰ । কৰ বিভাগে জি এছ টি ফাঁকি ৰোধৰ বাবে গঠন কৰি দিয়া অর্থনৈতিক অনুসন্ধান গোট ( ই আই ইউ ) য়ে অভিযান চলাই চাংসাৰি আৰু বাইহাটাৰ পৰা জব্দ কৰে ৯০০ বেগ চোৰাংপাণমছলা - জর্দা । ৰেলযোগে অসমলৈ অহা চোৰাং গুটখাখিনি জব্দ কৰি অর্থনৈতিক অনুসন্ধান গোটে গুৱাহাটীৰ কৰ ভৱনত মজুত কৰি ৰাখিছে । গুত্থাখিনিৰ স’তে কৰ বিভাগে জব্দ কৰিছে কামৰূপা ট্ৰেন্সপ'ৰ্টৰ সাতখন ট্রাক । ১২ জন লোকক আটক কৰি অব্যাহত ৰাখিছে সোধা - পোছা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অভিযানকালত চীংসাৰিৰ পৰা ৩০০ বস্তা আৰু বাইহাটা চাৰিআলিৰপৰা জব্দ হৈছিল ৬০০ বস্তা গুত্থা । ইয়াৰে বেছিভাগেই ‘ ছিগনেচাৰ ’ পাণমছলা । জব্দকৃত বাহনসহ গুটুখাখিনি গুৱাহাটীৰ কৰ ভৱনলৈ আনি অভিযানকাৰী দলে অব্যাহত ৰাখিছে তদন্ত ।  পাণমছলাত ২৮ শতাংশ কৰ আৰু ৬০ শতাংশ উপকৰ পৰিশোধ কৰিবলগীয়া হয় । এই হিচাপত এশ টকাৰ পাণ মছলাত কৰ দিবলগীয়া হয় ৮৮ টকা ।জদাত ২৮ শতাংশ কৰ আৰু ১৬০ শতাংশ উপকৰ ধৰি মুঠ ১৮০ শতাংশতকৈ অধিক কৰ ৰাজকোষলৈ যায় । এই হিচাপত সাতখন ট্রাকত অহা ৯০০ বস্তা গুট্‌খাৰ পৰা ৰাজকোষলৈ যাবলগীয়া আছিল প্রায় ছয় কোটি টকা । অনুসন্ধানকাৰী গোটটোৰ মতে গুৱাহাটীলৈ আইনসংগতভাৱে যি ছিগনেচাৰ আছে , তাতকৈ প্ৰায় চারিশ শতাংশ অধিক গুটখা চোৰাংকৈ সৰবৰাহ হয় । কৰ ফাকিৰে ৰাজ্যত চলি থকা গুট্‌খাৰ অবৈধ বেহা সন্দৰ্ভত ‘ অসমীয়া প্রতিদিন'ত পূর্বে কেইবাখনো প্রতিবেদন প্রকাশ পাইছিল । ফাঁচী বজাৰৰ জে পি জি ষ্টোৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানৰ জৰিয়তে দুই ভাতৃ নাৰায়ণ গুপ্তা আৰু কৃষ্ণপ্রসাদ গুপ্তা ( টনী ) য়ে সমগ্র নামনি অসমৰ ‘ ছিগনেচাৰ ' ব্যৱসায় নিয়ন্ত্রণ কৰে । অভিযোগ অনুসৰি গুপ্তা ভাতৃদ্বয়ে কৰ ফাঁকিৰে মাহে শ শ কোটি টকাৰ ব্যৱসায় কৰি আহিছে । কৰ ফাঁকিৰে ছিণ্ডিকেটত ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ অন্য প্ৰান্তৰ কেইবাজনো লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । অৱশ্যে গুপ্তা ভাতৃদ্বয়কে ধৰি ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কৰ বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন হৈ আহিছে । 

No comments