Breaking News

দিল্লীৰ যন্তৰ মন্তৰত ধর্ণা


ডিজিটেল ডেস্ক:
যৌন নিৰ্যাতনৰ বলি হোৱা আৰু ভাৰতীয় মল্ল যুঁজ সংস্থাৰ কাৰ্যকলাপত অতিষ্ঠ হৈ বুধবাৰে দুপৰীয়া  দিল্লীৰ যন্তৰ মন্তৰত  ধর্ণাত বহিল দেশৰ অলিম্পিকৰ পদক বিজয়ীসহ কেইবাগৰাকী  মল্লযোদ্ধাই ধৰ্ণাত বহা খেলুৱৈসকলৰ মাজত অলিম্পিকত পদক বিজয়ীৰ পৰা আৰম্ভ কৰি কমনৱেলথ আৰু এছিয়ান গেমছত স্বর্ণজয়ীও আছে। কমনৱেলথ আৰু এছিয়ান গেমছত স্বর্ণপদক লাভ কৰা বীনেশ ফগাট আৰু শশী মলিকে বুধবাৰে  ভাৰতীয় মল্ল যুঁজ সংস্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিং আৰু একাংশ প্রশিক্ষকে মহিলা মল্লযোদ্ধাক অনুশীলনস্থলীত যৌন নির্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ কৰে। কেইবাগৰাকী মহিলা মল্লযোদ্ধাই বীনেশ ফগাটক যৌন নির্যাতনৰ বিষয়ে অভিযোগ   কৰিছে।  অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী মল্লযোদ্ধা বজৰং পুণিয়াই ভাৰতীয় মল্লযুঁজ সংস্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙক অপসাৰণ নকৰা পৰ্যন্ত অনাগত দিনত কোনো আন্তর্জাতিক প্রতিযোগিতাত যোগদান নকৰাৰ কথা ব্যক্ত কৰিছে। নিজৰ সংস্থাৰ সভাপতি আৰু প্ৰশিক্ষণ প্ৰদান কৰা  বিৰুদ্ধে খ্যাতিসম্পন্ন খেলুৱৈৰ এই প্ৰতিবাদ নজিৰবিহীনৰূপে চিহ্নিত হৈছে। ধর্ণাত বহা খেলুৱৈসকলৰ ভিতৰত বীনেশ ফগাট, শশী মলিকৰ উপৰি সংগীতা ফগাট, বজৰং, সুনাম মলিক আৰু অংশু অন্যতম। ভাৰতীয় মল্ল যুঁজ সংস্থাই খেলুৱৈৰ স্বাৰ্থলৈ পিঠি দি ভিন ভিন কর্মকাণ্ডত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

No comments