Breaking News

কাৰ্বি আংলঙৰ পাহাৰত বনদস্যুৰ দপদপনি


ডিজিটেল ডেস্ক: 
উত্তৰ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ  দেইথৰ উপ-খণ্ড বন কাৰ্যালয়ৰ  এখন গাঁৱৰ পৰা লক্ষাধিক টকা মূল্যৰ কাঠ জব্দ কৰে বন বিভাগে।  নুমলীগড়ৰ সমীপৱৰ্তী উত্তৰ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু উত্তৰ-পূব শিলনিজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় দুটাৰ বনকৰ্মীৰ যৌথ  দল এটাই অভিযান চলাই দেইথৰ উপ-খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দেইহৰিৰ কোডাম সিংনাৰ গাঁৱৰ এখন পাহাৰৰ নামনিত গোপনে মজুত ৰখা বগৰী, শিলিখা, চেগুন, নগাভে, মাকৰি শাল, বনচুম, আদি কৰি কাঠৰ দুই শতাধিক বৃহৎ আকাৰৰ ‘ফাণ্টা’ জব্দ কৰে। জব্দকৃত মূল্যৱান কাঠসমূহৰ আধা অংশ উত্তৰ-পূব শিলনিজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী থকা আধা অংশ দেইথৰ উপ-খণ্ড বন কাৰ্যালয়লৈ অনা হয়। কাঠসমূহৰ মূল্য দুই লক্ষাধিক টকা হ'ব বুলি বন বিভাগৰ এক সূত্ৰই সদৰী কৰে। বন বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বিভিন্ন পক্ষক ‘মেনেজ’ কৰি বনদস্যু চক্ৰই কাৰ্বি পাহাৰৰ গছ-গছনি কাটি তহিলং কৰিবলৈ উঠি-পৰি লগাৰ উপৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছে। কিন্তু তেনে অসাধু চক্ৰত উৎখাত কৰাৰ বিপৰীতে বন বিভাগৰ লোকে এক নিৰাপদ দূৰত্বত অৱস্থান কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

No comments