Breaking News

পাকিস্তানক এতিয়া সহায়ৰ প্ৰয়োজন ভাৰতৰ।


ডিজিটেল ডেস্ক:
আর্থিক সংকটত বিধ্বস্ত পাকিস্তানে শত্ৰু  ভাব এৰি এতিয়া ভাৰতৰ সৈতে শান্তিপূর্ণ আলোচনা বিচাৰিছে। দুদিনত দুবাৰকৈ ভাৰতৰ সৈতে আলোচনাৰ গোহাৰি দিছে  প্রধানমন্ত্রী শাহবাজ শ্বৰীফে। ইয়াৰ পিছতে বিশ্বজুৰি তীব্ৰ চৰ্চা চলি  আছে। যদিও পাক প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে আওপকীয়াকৈ বিষয়টো ঠেলি দিছে, দল' মনে-প্রাণে যে ভাৰতৰ ছায়া বিচাৰি হাহাকাৰ অৱস্থা সেয়া স্পষ্ট।  পাকিস্তানে ভাৰতৰ সহায়ৰ দৃষ্টিৰে আলোচনাৰ বাবে অনুৰোধ জনাই থকা  বিষয়টোৱে বিশ্বজুৰি চৰ্চা লাভ কৰাৰ মাজতে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাৰ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে। পাকিস্তানৰ আলোচনা প্ৰস্তাৱক লৈ মন্ত্ৰালয়ে কয় ভাৰতে সদায়েই পাকিস্তানৰ সৈতে সু-সম্পৰ্ক বিচাৰি আহিছে, কিন্তু পৰিস্থিতি এনে হ'ব লাগে, য'ত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। একেসময়তে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচিয়ে এখন সংবাদমেলত বৈদেশিক নীতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ প্রশ্নোত্তৰ দিয়ে। লগতে কয়—আমি আগতেও কৈছোঁ আৰু এতিয়াও ক'ব বিচাৰিছোঁ যে ভাৰতে  প্ৰতিখন চুবুৰীয়া দেশ আৰু পাকিস্তানৰ সৈতে সু-সম্পৰ্ক বিচাৰে, কিন্তু ইয়াৰ  বাবে সঠিক পৰিৱেশো গঢ়ি তুলিব লাগিব। সন্ত্ৰাসবাদ আৰু হিংসাৰ পৰিৱেশত  আলোচনা সম্ভৱ নহয়। 

No comments